1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 23, 2025, 8:56 pm

ৰাজকন্যা উভতিল ঘৰলৈ…

  • Update Time : Wednesday, March 9, 2022

ডিজিটেল ডেস্কঃ মদৰ ৰাগিত মাতাল হৈ গুৱাহাটীত নিশা কেইবাজনো শ্ৰমিকক মহতিয়াই নিয়া ৰাজকন্যা অৱশেষত মুকলি আকাশৰ তলত। উচ্চ ন্যায়ালয়ে  ৰাজকন্যা বৰুৱাৰ ৫০ হাজাৰ টকাৰ আমানত ধনৰ বিনিময়ত জামিন মঞ্জুৰ কৰে। উল্লেখ কৰা প্ৰয়োজন যে, দুটাকৈ গোচৰত অভিযুক্ত হৈছিল ৰাজকন্যা বৰুৱা। এটা গোচৰৰ জামিন মঞ্জুৰ হৈছিল যোৱা ৭ মাৰ্চত। বুধবাৰে উচ্চ ন্যায়ালয়ত মঞ্জুৰ আনটো গোচৰৰ জামিন লাভ কৰে ৰাজকন্যাই।

২০২১ চনৰ ২ অক্টোবৰত ৰুক্মিণীগাঁৱত সংঘটিত হৈছিল এই  দুৰ্ঘটনা।  আঠজন পিডব্লিউডি কৰ্মীক আহত কৰিছিল ৰাজকন্যাই।  দুৰ্ঘটনাৰ ফলত মৃত্যুক সাৱতিছিল যোচেফ মাৰাক নামৰ এগৰাকী শ্ৰমিকে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme