ডিজিটেল ডেস্কঃ ৰাজীৱ ভৱনটো ব্যৱসায়িক ভৱন হিচাপে ভাড়া দিয়ক। ভাড়াৰ টকাৰে অন্তত অলপদিন চলিব পাৰিব। ৰাজীৱ ভৱন ভাড়া দিবলৈ কংগ্ৰেছ দলক আহ্বান মন্ত্ৰী পিয়ুষ হাজৰিকাৰ। ইতিমধ্যেই কংগ্ৰেছ দলটো প্ৰায় নিচিহ্ন হোৱাৰ দিশে তেনে সময়তে মহানগৰীৰ বিশালকায় ৰাজীৱ ভৱনটো পেলাই থোৱাতকৈ ভাড়াত দিলেও কিছু টকা দলটোৱে উপাৰ্জন কৰিব পাৰিব বুলি কটাক্ষ কৰি মন্ত্ৰী পিয়ুষে কয় যে, আৰু ২০ বছৰলৈ অসমত বিজেপিৰ কোনো প্ৰতিদ্বন্দী ওলাব নোৱাৰে। কংগ্ৰেছে পুনৰ ৰাইজৰ মন জয় কৰা সম্ভৱেই নহয়।
কলিয়াবৰত এই মন্তব্য কৰাৰ ওপৰিও বিকল্প দলকলৈও প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মন্ত্ৰীগৰাকীয়ে। বিকল্প দল অৰ্থাৎ বিৰোধী দল নিশ্চয় কোনোবা ওলাবই। সেয়া লাগে ৰাইজৰ দল, এআইইউডিএফ, অজাপ বা আন যিয়েই নহওক। কিন্তু এই বিকল্ক দলে বিজেপিৰ কাহানিও ৰুধিব নোৱাৰিব এইয়া অহংকাৰ নহয় দলটোৱে ৰাইজৰ হকে কৰি থকা কাৰ্যকলাপৰ পৰা অহা আত্মবিশ্বাস। ৰাইজে সদায় উন্নয়নৰ পক্ষতেই থাকে বুলিও মন্তব্য মন্ত্ৰী পিয়ুষৰ।