1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 7:35 am
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

প্ৰয়াত ৰাজেন বৰাৰ আধা কোৱা কথাবোৰঃ সাংবাদিক অতনু ভূঞা আৰু মনোজ গোস্বামীৰ বাবে কিয় অসম চৰকাৰে সলনি কৰিব লগা হৈছিল বাজেট…

  • Update Time : Tuesday, November 22, 2022

ডিজিটেল ডেস্কঃ  এসময়ৰ জনপ্ৰিয় বাতৰি কাকত “আজিৰ বাতৰি” আৰু ৰংপুৰ আলোচনীৰ  স্বত্বাধিকাৰী ৰাজেন বৰাৰ মঙলবাৰে দেহাৱসান ঘটে। বৰাৰ মৃত্যুৰ পাছতে  বিভিন্ন জনে শোক প্ৰকাশ কৰি বৰাৰ আত্মাৰ সদগতি কামনা কৰিছে। ৰাজেন বৰাই বিভিন্ন সময়ত ছচিয়েল মিডিয়া যোগে ৯০দশকত অসমৰ সংবাদ জগতত সংঘটিত হোৱা বিভিন্ন ঘটনা ছচিয়েল মিডিয়াত লিখি আহিছিল। ২০১৯-২০বৰ্ষত তেওঁৰ ফেচবুক একাউন্টত কেইবাটাও খণ্ডত এই লেখা সমূহ লিখিছিল।

২০১৯চনৰ ১ডিচেম্বৰত বৰাই ৰংপুৰ আলোচনীখন আৰম্ভণিৰ সময়চোৱাৰ কথা সুৱৰি এটা বিশেষ লেখনি ফেচবুকত লিখিছিল। সেই সময়ত অসমত মুখ্যমন্ত্ৰী আছিল হিতেশ্বৰ শইকীয়া। বাজেট সম্পৰ্কীয় এটা বিশেষ বাতৰি প্ৰস্তুত কৰাক লৈ প্ৰয়াত ৰাজেন বৰাই সেই লিখনিটো লিখিছিল এনেদৰে-

আজিৰ বাতৰিৰ লগতে আৰু এখন সপ্তাহিক বাতৰি কাকত প্ৰকাশ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল সেইসময়ত । সম্পাদকৰ বাবে অনুৰোধ জনোৱা হ’ল ড‘ লক্ষীনন্দন বৰা ডাঙৰীয়াক । অনুৰোধ ৰক্ষা কৰি তেখেতে নতুন কৈ প্ৰকাশ কৰা সাপ্তাহিক বাতৰি কাকত ৰংপুৰত যোগদান কৰি সহযোগ আগবঢ়ালে কাকতখনলৈ । কাৰ্যবাহী সম্পাদকৰ দায়িত্ব বহন কৰিলে বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য ডাঙৰীয়াই । ১৯৯২ চনৰ ২১এপ্ৰিলত প্ৰকাশ কৰা হ’ল সাপ্তাহিক ৰংপুৰ কাকত । নিৰপেক্ষ ভূমিকালৈ আগবাঢ়ি গ’ল আজিৰ বাতৰিৰ লগতে ৰংপুৰ সাপ্তাহিক কাকতখনো ৰাইজৰ মাজলৈ । পাঠক সকলেও আদৰি ল’লে আগ্ৰহেৰে ৰংপুৰক ।
অতি দুখৰ বিষয় এই কাকতখন প্ৰকাশ হোৱাৰ সময়ত আজিৰ বাতৰিৰ এজন প্ৰতিষ্ঠাপক আৰু সংবাদিক পঙ্কজ দুৱৰা আমাৰ কাকতৰ পৰা আঁতৰি গৈছিল ।এটি বিশেষ কামত মই কিছুদিনৰ বাবে অসমৰ বাহিৰলৈ যাব লগা হৈছিল আৰু মোৰ অনুপস্থিতিত প্ৰশাসনৰ দায়িত্ব দি যোৱা হৈছিল কাৰ্তিক বৰঠাকুৰক । কিন্তু এবাৰো মোৰ অনুমতি নোলোৱাকৈ বৰঠাকুৰে মোৰ অজ্ঞাতে দুৱৰাক কাকতৰ পৰা অব্যাহতি দি আঁতৰাই পঠাইছিল । দুৱৰাই আজিৰ বাতৰি কাকতখন প্ৰতিষ্ঠা কৰাৰ সময়ত যিমান খিনি কষ্ট কৰিছিল মই আজিও পাহৰিব নোৱাৰো । মই বুজি নাপালো বৰঠাকুৰে ইমান সহযোগ আগবঢ়োৱা এজন শুভাকাংক্ষিক এনে কৰাৰ আঁৰত কি ৰহস্য লুকাই আছিল ।
সেই সময়ত কাকত গোষ্টীক পৰিচালনা কৰাত মোক উপদেশ দি উপকৃত কৰিছিল স্বৰ্গীয় অচ্যুত বৰপূজাৰীয়ে । ৰাধেশ্যাম ভূমিক বিত্ত বিভাগৰ মুখ্য গাননিক হিচাপে কৰ্মৰত আছিল , প্ৰশাসনৰ ভাৰ মুৰ পাতি লৈছিল কাৰ্তিক বৰঠাকুৰে , দিলীপ বৰা আছিল মহাপ্ৰবন্ধক প্ৰকাশণ গোষ্টীৰ ।
এটা কথা কব লাগিব আজিৰ বাতৰিৰ সংবাদিক সকল ইমানেই সচেতন আছিল যে এবাৰ অসম বিধান সভাৰ বাজেটখন বিধান সভাত উত্থাপিত হোৱাৰ আগতেই সংগ্ৰহ কৰি প্ৰকাশ কৰিছিল আজিৰ বাতৰিত যি কাৰণে অসম চৰকাৰৰ বিত্তবিভাগে পুনৰ সাল সলনি কৰি বিধান সভাত উত্থাপিত কৰিব লগা হৈছিল বাজেটখনক ।
আজিও মনত পৰে হিতেশ্বৰ শইকীয়া ছাৰে বাজেট উত্থাপিত হোৱাৰ দিনা গধূলি মোক মাতি হাঁহি হাঁহি কোৱা কথাষাৰ ..। তেখেতে কৈছিল ,ৰাজেন তুমি বাজেটখন কৰ পৰা পালা প্ৰকাশ কৰিবলৈ । মইও হাঁহি মাৰি উত্তৰ দিছিলো এইটো অতনু ভূঞা আৰু মনোজ গোস্বামীৰ কাম ছাৰ ।

 

 

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme