1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 7:43 am

এনে ৰিস্ক ল’বলৈ সকলোৰে নাথাকে সাহসঃ ২৪শতাংশ সুদত ৪০০কোটি টকা ধাৰলৈ লৈ ৰাজামৌলীয়ে বনাইছিল বাহুবলী…

  • Update Time : Saturday, June 3, 2023

ডিজিটেল ডেস্কঃ চিনেমা ভাল পোৱা এজন মানুহে এখন চিনেমা  সৰ্বাংগ সুন্দৰ ভাৱে অকণো কৃপনালি নকৰাকৈ নিৰ্মাণৰ বাবে কিমান ৰিস্ক লব পাৰে সেই কথা শেহতীয়াকৈ উপলদ্ধি কৰিছে সকলোৱে। বাহুবলী, RRR ৰ দৰে ছুপাৰহিট ছবি উপহাৰ দিয়া পৰিচালক ৰাজামৌলীয়ে বাহুবলীৰ প্ৰথমটো খণ্ড নিৰ্মাণৰ সময়ত প্ৰায় ৪০০কোটি টকা সূদলৈ লৈছিল।

ইমান এক বৃহত পৰিমাণৰ টকা সূদলৈ লৈ ৰাজামৌলীয়ে নিৰ্মাণ কৰিছিল তেওঁৰ সপোনাৰ প্ৰজেক্ট বাহুবলী। যিখন ছবিয়ে সকলো ৰেকৰ্ড ভংগ কৰি উপাৰ্জন কৰিছিল ধন। প্ৰাপ্ত তথ্য অনুসৰি, এই ৪০০কোটি টকা ২৪শতাংশ সূদত ধাৰলৈ লৈছিল ৰাজামৌলীয়ে। বাহুবলী সফল হোৱাৰ পাছত এই ধনৰাশি সূদে মূলে ঘুৰাই দিবলৈ সক্ষম হৈছিল ৰাজামৌলী।

শেহতীয়াকৈ এই কথা পোহৰলৈ আনিছে বাহুবলীত ভিলেইনৰ চৰিত্ৰত অভিনয় কৰা অভিনেতা ৰাণা দগুবত্তিয়ে । এক বিশেষ সাক্ষাতকাৰত ৰাজামৌলীৰ এই কথা প্ৰকাশ কৰে অভিনেতাগৰাকীয়ে। ইফালে এই খবৰ সকলোৱে গম পোৱাৰ পাছত একাংশই ৰাজামৌলীৰ এই আত্মবিশ্বাসৰ বাবে চেল্যুট জনাইছে।

যদিহে বাহুবলী ফ্লপ হলহেতেন, তেতিয়া এই ৪০০কোটিৰ ঋণৰ বোজা লৈয়ে থাকিব লগা হলহেতেন ৰাজামৌলীয়ে। কিন্তু নিজৰ সৃষ্টিশীলতাৰ ওপৰত অগাধ বিশ্বাসৰ বাবেই ৰাজামৌলীয়ে লৈছিল এই বৃহত ৰিস্ক।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme