1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 6, 2025, 12:04 am
Trending:
আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов تجربة المستخدم في 1xbet مجانا: سهولة الاستخدام والربح السريع كيفية تحميل تطبيق 1xbet بأمان وسرعة على الهاتف الذكي Understanding Mostbet এর কাজ কি: A New Full Explained On-line Betting Мостбет Вход ️ в Личный Кабинет Mostbet Войти На официальную Платформу Step-by-step Guide: কিভাবে Mostbet থেকে টাকা তুলব Securely Locaminas Locação Relacionada Veículos Corporación Bíblica Los Apóstoles”

নামাজ পঢ়া মছজিদৰ মাইকে এগৰাকী লোকক দিলে নতুন জীৱন…

  • Update Time : Saturday, January 15, 2022

ডিজিটেল ডেস্কঃ মছজিদৰ মাইকে এগৰাকী লোকক দিলে নতুন জীৱন। কাহিনীটো সাইলাখ চিনেমাৰ দৰেই, কিন্তু ঘটনাতো সচাঁ। ৰাজস্থানৰ পৰা আহি থকা গুৱাহাটী-বিকানেৰ এক্সপ্ৰেছৰ শোকাৱহ দুৰ্ঘটনাৰ পাছতে ঘটিছিল এই বিশেষ ঘটনাতো। অসমৰ দৰঙ জিলাৰ বাসিন্দা ছফিকুল আৰু তেওঁৰ পৰিয়ালক এটা মছজিদৰ মাইকৰ পৰাই লাভ কৰিলে নতুন জীৱন। ঘটনাতো আছিল ১৩ ডিচেম্বৰৰ। ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পাছতে চেদেলি-ভেদেলি হৈ পৰিছিল সকলো যাত্ৰী। ৰেলখনত পৰিয়ালৰ সৈতে আহি থকা ছফিকুল সেই সময়তে উফৰি পৰিছিলগৈ ৰেলৰ বাহিৰত। পৰিয়ালৰ সদস্যসকলৰ পৰা বিচ্চিন্ন হৈ পৰা গুৰুতৰভাৱে আহত ছফিকুলক ভৰ্তি কৰা হৈছিল জলপাইগুৰি ছুপাৰ স্পেচেয়িলিটী হস্পাতালত।

হস্পাতালত ভৰ্তি হৈ থকা ছফিকুলৰ ওচৰত পিছদিনা উপস্থিত হৈছিলগৈ দেশৰ ৰেলমন্ত্ৰী। ৰেল মন্ত্ৰীক ৰেল বিভাগৰ এগৰাকী বিষয়াই জনালে যে, ছফিকুলৰ সৈতে উক্ত দুৰ্ঘটনাত পৰিয়ালৰ লোকো আছিল যদিও এতিয়ালৈকে তেওঁলোকৰ কোনো সন্ধান লাভ কৰা নাই। ৰেলমন্ত্ৰীয়ে তৎক্ষণাত ছফিকুলৰ পৰা পৰিয়ালৰ নম্বৰ বিচাৰিছিল যদিও পৰিয়ালৰ হাতত কোনো ফোন নাই বুলি তেওঁ জনাইছিল। ছফিকুলে কৈছিল যে, তেওঁৰ দুৰসম্পকীয় এগৰাকী লোকৰ নম্বৰ আছে, তেওঁলৈ ফোন কৰি খবৰ লব পাৰে।

ছফিকুলৰ কথামতেই ৰেলমন্ত্ৰীয়ে উক্ত ফোন নম্বৰটোত কথা পাতিছিল যদিও লোকজনে জনালে যে, তেওঁৰ ঘৰলৈ অহা নাই ছফিকুলৰ সদস্য। ফোন কথা পাতি থাকোতেই ৰেলমন্ত্ৰীয়ে ফোন শুনিছিল সেই সময়ত মছজিদত নামাজ পঢ়াৰ মাইকৰ শব্দ। তেওঁ তেতিয়া লোকজনক কলে যে, ছফিকুলৰ পৰিয়াল সন্ধানহীন হোৱাৰ কথা ঘোষণা কৰক মছজিদত থকা সেই মাইকটোত। ৰেলমন্ত্ৰীৰ কথামতেই লোকজনে মাইকত ঘোষণা কৰে সন্ধানহীনৰ খবৰটো। ঘোষণা কৰা কিছু সময়ৰ পাছতে উক্ত স্থানত সুকলমে উপস্থিত হয় ছফিকুলৰ পৰিয়াল।

এনেকৈয়ে ৰেল দুৰ্ঘটনাত পৰিয়ালৰ পৰা বিচ্ছিন্ন হৈ পৰা ছফিকুল আলীক পৰিয়ালৰ সৈতে মিলালে মছজিদৰ এটা মাইকে। ঘটনাতো চিনেমাৰ দৰে লাগিলেও সচাঁ। এগৰাকী এন এফ আৰৰ বিষয়াই নিজে সদৰি কৰিছে এই কথা। যিসময়ত হিন্দু-মুছলমান, নামাজ আদি বিষয়বোৰে সততে বিৰ্তকৰ সৃষ্টি কৰে তেনে সময়তে অসমৰ এই খবৰটোৱেও ৰাষ্ট্ৰীয় পৰ্যায়ত চৰ্চা লাভ কৰিছে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme