ডিজিটেল ডেস্কঃ ভাৰত জোডো় যাত্ৰাৰ সময়ত আন বহু কথাৰ সৈতে চৰ্চিত এটা কথা আছিল ৰাহুল গান্ধীৰ ঠাণ্ডা নালাগে নেকি! ইমান প্ৰচণ্ড শীততো কিয় ৰাহুল গান্ধীয়ে কেৱল মাত্ৰ এটা হাফ চাৰ্ট পিন্ধি ঘূৰি ফুৰিছে। বহুসময়ত ৰাহুল গান্ধীক এই প্ৰশ্ন কৰা হৈছিল যদিও সেই প্ৰশ্নৰ উত্তৰ দিয়া নাছিল কংগ্ৰেছ নেতাজনে। কিন্তু ৰাহুল গান্ধীয়ে সোমবাৰে ভাৰত জোড়ো যাত্ৰাৰ শেষৰখন সভা সম্বোধনৰ সময়ত ইয়াৰ আঁৰৰ কাৰনটো বৰ্ণনা কৰে।
তেওঁ কয়- এই যাত্ৰাৰ মাজতে তেওঁ এদিন বাটত কেইগৰাকী মান শিশুক দেখা পাইছিল। তেওঁলোক ভিক্ষাৰী আছিল আৰু চুৱেটাৰ পৰিধান কৰা নাছিল। জাৰত কঁপি আছিল। তেওঁলোকৰ দ্বাৰা অনুপ্ৰাণিত হৈ যাত্ৰাৰ সময়ত মই চুৱেটাৰ পিন্ধা নাছিলো। মই লৰা ছোৱালী কেইটাক দেখি ভাবিছিলো যে তেওঁলোকে ভোকতো আছিল। তেওঁলোকে গৰম কাপোৰ পিন্ধা নাই গতিকে মইও নিপিন্ধো।
উল্লেখ কৰা প্ৰয়োজন যে, কেইবামাহৰ অন্তত সামৰণি পৰে ৰাহুল গান্ধীৰ ভাৰত জোডো় যাত্ৰা।