ডিজিটেল ডেস্কঃ দেশৰ ইমূৰৰ পৰা সিমূৰলৈ ভাৰত জোড়ো যাত্ৰাত বিগত প্ৰায় ৪মাহ ধৰি ঘূৰি ফুৰিছে ৰাহুল গান্ধী। কেতিয়াবা যদি মন্দিৰ, কেতিয়াবা মছজিদ আৰু কেতিয়াবা গীৰ্জাত সোমাই সেৱা লৈছে ৰাহুল গান্ধীয়ে। পূৰ্বতকৈ পৃথক ৰূপত দেখা গৈছে ৰাহুল গান্ধীক। কথা কোৱা শৈলীৰো যথেষ্ট পৰিৱৰ্তন হৈছে ৰাহুল গান্ধীৰ। কেতিয়াবা যদি প্ৰধানমন্ত্ৰী আৰু কেতিয়াবা দেশৰ সংবাদমাধ্যমক লক্ষ্য কৰি লৈছে ৰাহুল গান্ধীয়ে। কেৱল মাত্ৰ হিন্দু-মুছলমানক লৈ ৰাজনীতি কৰা একাংশক ৰাহুল গান্ধীয়ে মুকলিকৈ কৈছে যে- ঘৃণাৰ বজাৰত প্ৰেমৰ দোকান দি বহি আছো।
পূৰ্বতকৈ পৃথক ৰাহুল গান্ধীক লৈ বিভিন্ন চৰ্চা হৈ থকাৰ সময়তে শেহতীয়াকৈ অন্য এক বিশেষ প্ৰসংগই বিশেষ চৰ্চা লাভ কৰিছে। সেয়া হৈছে এই প্ৰচণ্ড শীতৰ মাজতো ৰাহুল গান্ধীয়ে কোনোদিন পৰিধান কৰা নাই গৰম কাপোৰ। কেৱল মাত্ৰ এটা বগা টি-চাৰ্ট পিন্ধিয়েই সকলো কাম কৰি গৈছে ৰাহুল গান্ধীয়ে। দলৰ বিভিন্ন কাম-কাজ নাইবা ভাৰত জোডো়ৰ বিভিন্ন কাৰ্যসূচীত সেই হাফ বগা টি-চাৰ্টটোৰ সৈতেই দেখা গৈছে ৰাহুল গান্ধীক।
প্ৰচণ্ড শীতৰ মাজতো ৰাহুল গান্ধীয়ে কেৱল মাত্ৰ এটা হাফ টি-চাৰ্টেৰে কেনেকৈ থাকে। সেই প্ৰশ্নও সাংবাদিকে কেতিয়াবা ৰাহুল গান্ধীক সুধিছে। সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত ৰাহুল গান্ধীয়ে কয়- মই কেনেকৈ আছো সেয়া এতিয়া মূল সমস্যা নহয়। আপোনালোকে অন্য প্ৰধান ইচ্ছ্যু বিলাকত মনোনিৱেশ কৰক।
ৰাহুল গান্ধীয়ে উক্ত বিষয়ত একো নকলেও শেহতীয়াকৈ ৰাহুল গান্ধীৰ ঘনিষ্ঠসকলে সদৰি কৰিছে যে, ৰাহুল গান্ধীয়ে প্ৰতিদিনাই কৰে বিশেষ কিছু ব্যায়াম। ইয়াৰ জৰিয়তে দেহৰ শীত-তাপৰ সন্তোলন কৰিব পাৰে যিকোনো এজন লোকে। ৰাহুল গান্ধীয়ে প্ৰতিদিনাই এই শাৰিৰিক ব্যায়াম কৰিয়েই দেহৰ ওপৰত সন্তোলন কৰিব পাৰিছে বুলি ঘনিষ্ঠসকলে সদৰি কৰিছে।
সেয়া যি কি নহলেও, কিছুদিনৰ পূৰ্বে ৰাহুল গান্ধীয়ে হিমালয়ত এক গভীৰ তপস্যাত বহাৰ পাছতে তেওঁৰ শাৰিৰিক আৰু মানসিক ব্যক্তিত্বত যথেষ্ট পৰিৱৰ্তন আহিছে বুলি জানিব পৰা গৈছে।