1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 31, 2025, 3:16 pm

কাৰো কথা শুনাত নাই! এইবাৰ জীৱনটো উদযাপন কৰিব ৰাহুল গান্ধীয়ে…

  • Update Time : Saturday, August 19, 2023

ডিজিটেল ডেস্কঃ বিগত কিছুদিনৰ পৰা যেন সলনি হৈছে ৰাহুল গান্ধী। চাল-চলনৰ পৰা আদি কৰি কথা কোৱাৰ ষ্টাইলৰ লৈকে সকলোখিনি সলনি হৈছে ৰাহুল গান্ধীৰ। বিন্দাছকৈ থাকিবলৈ ভাল পোৱা ৰাহুল গান্ধীয়ে যেন এইবাৰ ঠিক কৰিছে যে, এইবাৰ তেওঁৰ বাকী থকা জীৱন কেৱল যাপন নহয়, উদযাপন কৰিব।

শেহতীয়াকৈ ১৯আগষ্ট তাৰিখে ৰাহুল গান্ধীয়ে দলীয় কিছু কৰ্মী আৰু বন্ধুৰ সৈতে ওলাল লাডাখৰ পাংগং হ্ৰদলৈ যাত্ৰা আৰম্ভ কৰিছে। এই যাত্ৰাকালত ৰাহুল গান্ধীয়ে বাটত পোৱা বিভিন্ন সুন্দৰ দৃশ্য উপভোগ কৰি উপস্থিত হব লাডাখত।

উল্লেখ কৰা প্ৰয়োজন যে, নিজৰ ঘৰ আৰু দামী গাড়ী নথকা বুলি দাবী কৰা ৰাহুল গান্ধীৰ গেৰেজত পৰি আছিল ৩লাখ টকাৰো অধিক মূল্যৰ এখন বাইক। এই বাইকখনৰ নাম হৈছে কে টি এম- ৩৯০। উচ্চ পাৱাৰ সম্পন্ন এই বাইকখনৰ মূল্য ৩লাখ ৫০হাজাৰো অধিক। এই দামী বাইকখন লৈয়ে শেহতীয়াকৈ লাডাখলৈ যাত্ৰা কৰিছে ৰাহুলে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme