1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 31, 2025, 9:45 am

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ মূল অভিযুক্ত ৰাহুল চেত্ৰী পলাতক! অখিল গগৈৰ আছিল খুবেই ঘনিষ্ঠ…

  • Update Time : Monday, November 28, 2022

ডিজিটেল ডেস্কঃ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভয়ংকৰ ৰেগিং কাণ্ডৰ সৈতে জড়িত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সাঃ সম্পাদক ৰাহু চেত্ৰী।  অভিযোগ অনুসৰি এই ছাত্ৰ নেতাজনেই এই ভয়ংকৰ ৰেগিং কাণ্ডৰ মূল অভিযুক্ত । বৰ্তমানেও আৰক্ষীয়ে বিচাৰি পোৱা নাই ৰাহুলক। ৰাহুলৰ সন্ধানত আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান।

উল্লেখ কৰা প্ৰয়োজন যে, বিধায়ক অখিল গগৈৰ খুবেই ঘনিষ্ঠ আছিল এই ৰাহুল চেত্ৰী। বহু সময়ত অখিল গগৈৰ কাষতে দেখা গৈছিল ৰাহুলক।

May be an image of 2 people, people standing and indoor

 

ইফালেএই সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক টুইট যোগে অ‍াৰক্ষীক কঠোৰ হ’বলৈ নিৰ্দেশ দিয়াৰ পাছতেই সোমবাৰে পুৱা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৪ জন ছাত্ৰক ।এই ৪ জন ছাত্ৰ হৈছে ক্ৰমে সীমান্ত হাজৰিকা, নিৰঞ্জন ঠাকুৰ, গোলাপ ডেকা আৰু প্ৰানজিৎ বৰুৱা ।

মুঠ ১৭ জন যুৱকৰ ওপৰত ৰেগিঙৰ অভিযোগ ৰুজু কৰা হৈছিল যদিও এতিয়া পলাতক অৱস্থাত আছে আন ১৩ জন যুৱক । আনহাতে, এই সমগ্ৰ ঘটনাৰ সৈতে বিশ্ব বিদ্যালয় খনৰ বহু কেইগৰাকী প্ৰাক্তন ছাত্ৰও জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে ।

 

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme