1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 7:37 am

এদিনতে ৫০লাখঃ ৰঘুপতিয়ে উফৰাব যতীন, জুবিনৰ লগতে সকলোকে…

  • Update Time : Friday, June 9, 2023

ডিজিটেল ডেস্কঃ বাধা থাকিলেও মুক্তিৰ পাছতে দৰ্শকৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে শ্ৰী ৰঘুপতিয়ে। মাত্ৰ চাৰিটা দিনতে ছবিখনে উপাৰ্জন কৰিবলৈ সক্ষম হৈছে ১কোটি ৪০লাখ টকা। ছবিখনৰ পৰা সদৰি কৰা খবৰ অনুসৰি, ছবিখনে প্ৰথম দিনটোত ১৭লাখ টকা, দ্বিতীয় দিনত ৩৮.৯লাখ টকা আৰু তৃতীয় দিনটোত উপাৰ্জন কৰিছে ৪১.৭লাখ টকা। ইফালে ছবিখনে চতুৰ্থটো দিনত উপাৰ্জন কৰিবলৈ সক্ষম হৈছে ৪৩লাখ টকা।

উল্লেখ কৰা প্ৰয়োজন যে, শ্ৰী ৰঘুপতি ছবিখন ৯জুনৰ দিনটোত ৰাজ্যৰ ২০০টা চিনেমাগৃহত মুক্তি পাইছে। ইয়াৰোপৰি ৪খন ৰাজ্যত বিশেষভাৱে প্ৰদৰ্শিত হৈছে ছবিখন। এনেদৰে ছবিখনৰ গতি অব্যাহত থাকিলে অচিৰেই ছবিখনে পূৰ্বৰ প্ৰায়বোৰ অসমীয়া ছবিৰ ৰেকৰ্ড ভংগ কৰিবলৈ সক্ষম হব।  উল্লেখ কৰা প্ৰয়োজন যে, সুব্ৰত কাকতিৰ দ্বাৰা পৰিচালিত ছবিখনত মুখ্য চৰিত্ৰৰ লগতে চিত্ৰনাট্যও ৰবি শৰ্মা।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme