1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 31, 2025, 3:13 pm

পুনৰ ND TVৰ ২৬শতাংশ অংশীদাৰিত্ব ক্ৰয়ৰ বাবে সাজু আদানীঃ অক্টোবৰত চাকৰি এৰিব ৰবীশ কুমাৰে!

  • Update Time : Wednesday, August 31, 2022

ডিজিটেল ডেস্কঃ অক্টোবৰত এন ডি টিভিৰ অতিৰিক্ত ২৬শতাংশ অংশীদাৰিত্ব লাভৰ বাবে অপেন অফাৰ দিব আদানী গ্ৰুপে। এই কথা ইতিমধ্যে সদৰি কৰিছে আদানী গ্ৰুপে। ১৭অক্টোবৰত এই অতিৰিক্ত ২৬শতাংশ ক্ৰয়ৰ বাবে অপেন অফাৰ দিব আদানী গ্ৰুপে। এই অপেন অফাৰত ১.৬৭কোটিৰ শ্বেয়াৰ ক্ৰয় কৰাৰ যোজা চলাইছে আদানী গ্ৰুপে। ইয়াপ বাবে শ্বেয়াৰৰ মূল্য ২৯৪টকাকৈ স্থিৰ কৰা হৈছে। এই অপেন অফাৰৰ সম্পূৰ্ণ প্ৰক্ৰিয়া তদাৰকৰ দায়িত্ব আদানী গ্ৰুপে অৰ্পন কৰিছে জেএম ফাইনেঞ্চচিয়েলক। উল্লেখ কৰা প্ৰয়োজন যে, ২৯৪টকাৰ শ্বেয়াৰৰ হিচাপত এই অপেন অফাৰৰ ভেলু হব প্ৰায় ৪৯২.৮১কোটি টকা।

সকলো জ্ঞাত যে, ইতিমধ্যে চলিত বৰ্ষৰ আগষ্ট মাহত আদানী গ্ৰুপে এন ডি টিভিৰ ২৯.১৮শতাংশ অংশীদাৰিত্ব ক্ৰয় কৰিছে। এতিয়া পুনৰ অক্টোবৰত এই ২৬শতাংশ ক্ৰয় কৰিলে এন ডি টিভিৰ অধিকাংশ অংশীদাৰিত্ব যাব আদানী গ্ৰুপৰ হাতলৈ।

ইফালে শেহতীয়াকৈ চৰ্চা হৈছে যে, এই ২৬শতাংশ ক্ৰয় কৰাৰ পাছত ৰবীশ কুমাৰে এন ডি টিভিৰ পৰা পদত্যাগ কৰিব। কিন্তু ৰবীশ কুমাৰে ইতিমধ্যে স্পষ্ট কৰি দিছে যে, তেওঁ সাংবাদিকতা এন ডি টিভিতেই কৰিব। এয়া এক ভুৱা প্ৰচাৰ। কিন্তু সেয়া যি কি নহলেও, ২৬শতাংশ অংশীদাৰিত্ব ক্ৰয় কৰাৰ পাছত সাংবাদিকগৰাকীৰ স্থিতি কি হব সেয়া লক্ষ্যণীয় হব।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme