ডিজিটেল ডেস্কঃ কৈলাশ কাটকাৰ নামটো হয়তো আপুনি প্ৰথম শুনিছে! কম্পিউটাৰৰ সৈতে ওতঃপোতভাৱে জড়িত থকাসকলৰ বাবে অৱশ্যে এই নামটো নতুন নহয়। এন্টী-ভাইৰাছ quick healৰ স্বতাধিকাৰী কৈলাশ কাটকা। বছৰি প্ৰায় ২০০কোটি টকাৰ ব্যৱসায় কৰা quick heal এতিয়া প্ৰায় সকলো কম্পিউটাৰ ইঞ্জিনিয়াৰৰ বাবে প্ৰথম পছন্দ।
এগৰাকী সফল ব্যক্তি হিচাপে নিজকে প্ৰতিষ্ঠা কৰা কৈলাশ কাটকাৰ জীৱনো অতিকৈ সংঘৰ্ষময়। পৰিয়ালৰ অসুবিধাৰ বাবে পঢ়াৰ ক্ষেত্ৰত বিশেষ আগবাঢ়িব নোৱাৰি দশম মান শ্ৰেণীতে আনুষ্ঠানিক শিক্ষা বাদ দিব লগা হৈছিল কাটকাই। ইয়াৰ পাছতে চাকৰি বিচাৰি বহুদিন ঘুৰাৰ পাছত এখন সৰু ৰেডিঅ আৰু কেলকুলেটৰ মেৰামতি কৰা দোকানত কৰ্মচাৰী হিচাপে কাম পালে।
সেয়াই আছিল আৰম্ভণি। কাম কৰা দোকানত ৰেডিঅ মেৰামতিৰ লগতে ইলেক্টনিক সকলো কাম শিকিলে কৈলাশ কাটকাই। কাম কৰাৰ সমান্তৰালভাৱে কম্পিউটাৰ মেৰামতি কৰাৰ প্ৰশিক্ষণো ল’লে কাটকাই। এনেকৈ কেইবাবছৰো কাম কৰাৰ পাছত কাটকাই নিজেই এখন কম্পিউটাৰ মেৰামতি কৰা দোকান আৰম্ভ কৰিলে।
সেই দোকানখনৰ পৰাই কাটকা আজি কোটি টকাৰ মালিক। এটা কম্পিউটাৰ সুচলভাৱে চলিবলৈ সহায়ক হোৱা এন্টী-ভাইৰাছ quick healৰ দৰে জনপ্ৰিয় বেণ্ডৰ স্বতাধিকাৰী কৈলাশ কাটকা।