ডিজিটেল ডেস্কঃ ঘটনাবোৰ এনেকৈয়ে ঘটি যায়। কি কৰিব অনিচ্ছাসত্বেও ভুল হৈ যায়। ঘটনাটো কুইবেকৰ। ক’ভিড সম্পৰ্কীয় আপডেট দিবলৈ গৈ কুইবেকৰ স্বাস্থ্যমন্ত্ৰীয়ে নিজা টুইটল শ্বেয়াৰ কৰিলে পৰ্ণ হাবৰ লিংক।
কানাডাত কভিড সংক্ৰমণৰ ঘটনা বৃদ্ধি হৈছে। উৎকণ্ঠিত হৈছে জনতাৰ লগতে শাসকো। কুইবেকৰ স্বাস্থ্যমন্ত্ৰীয়ে বুধবাৰে এটা বিশেষ লিংক টুইট কৰিছিল। জনতাক উদ্দেশ্যি এই টুইট কৰিছিল স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে। ক’ভিড-১৯ পৰ্টেললৈ প্ৰেৰণ কৰা এই পষ্টটোত থকা লিংকটো খুলিয়েই সকলো হতবাক হৈ পৰে। লিংকটো খোলা মাত্ৰকেই দেখা গৈছিল অসংখ্য অশ্লীল ভিডিঅ’।
ভুলক্ৰমে শ্বেয়াৰ হোৱা পষ্টটো মন্ত্ৰীগৰাকীয়ে ডিলিট কৰিছে। প্ৰাপ্ত তথ্য অনুসৰি স্বাস্থ্যমন্ত্ৰীগৰাকীৰ টুইটাৰ একাউণ্টত ১,০০,০০০তকৈও অধিক ফলৱাৰ্চ আছে। পষ্টটো ভাইৰেল হৈ পৰাৰ পিছত স্বাস্থ্যমন্ত্ৰীগৰাকীক কোনোৱে যদি মনোৰঞ্জন লাভ কৰিছে, কোনোৱে উপহাসো কৰিছে। একাংশই এনে কাৰ্যকলাপকলৈ বিৰক্ত হোৱাও পৰিলক্ষিত হৈছে।