1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
June 29, 2024, 9:20 am

QR কোড! সুৰাৰ বটলক লৈ বাজেটত কি বৃহৎ ঘোষণা

  • Update Time : Wednesday, March 16, 2022

গুৱাহাটীঃ মদৰ বটলক লৈ বাজেটত বিশেষ ঘোষণা। অচিৰেই ৰাজ্যৰ ৱাইন শ্বপসমূহত দেখিবলৈ পোৱা যাব নতুন ধৰণৰ সুৰাৰ বটল। ৰাজ্যখনত সুৰাৰ বিপণীসমূহত প্ৰথমবাৰৰ বাবে উপলব্ধ হ’ব QR কোডৰ সৈতে নষ্ট কৰিব নোৱৰা উচ্চ সুৰক্ষাযুক্ত হোলোগ্ৰাম থকা সুৰাৰ বটল। ইয়াৰ ফলত গ্ৰাহকসকলে উৎপাদিত সুৰাৰ প্ৰস্তুতৰ উৎস আৰু আন তথ্যৰ বিষয়ে বিতঙকৈ জানিবলৈ পাব। ৰাজ্যত ভেজাল সুৰাৰ বিক্ৰী ৰোধ কৰাৰ বাবেই এই ব্যৱস্থা গ্ৰহণ কৰিছে চৰকাৰে।

উল্লেখ্য যে ভেজাল সুৰা বিক্ৰীৰ ফলত ৰাজ্য চৰকাৰে প্ৰতি বছৰে কেবা কোটি টকাৰ ৰাজহ হেৰুৱাবলগীয়া হৈ আহিছে। লগতে জনস্বাস্থ্যৰ দিশটোলৈও নামি আহিছে ভয়াৱহতা। ৰাজ্যৰ কোনো এখন সুৰাৰ বিপণীতে যাতে ভেজাল সুৰা উপলব্ধ নহয় তাৰ বাবে ভেজাল সুৰা চিনাক্তকৰণৰো পদক্ষেপ গ্ৰহণ কৰিছে। ভেজাল সুৰা চিনাক্তকৰণৰ বাবে আমিনগাঁৱত এটি অত্যাধুনিক আবকাৰী ৰাসায়নিক পৰীক্ষাগাৰ স্থাপনৰো ব্যৱস্থা কৰা হৈছে।

আজিৰ বাজেটত আবকাৰী সংস্কাৰৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব আৰোপ কৰা হৈছে। এই অনুযায়ী গ্ৰামাঞ্চলত মাচুলৰ বিনিময়ত সীমিত ব্যৱস্থাৰে দেশীয়ভাৱে প্ৰস্তুত কৰা বিলাতী সুৰাৰ ‘অন’ অনুজ্ঞাপত্ৰসমূহ ‘অফ’ অনুজ্ঞাপত্ৰলৈ ৰূপান্তৰিত কৰাৰ বিকল্পত অনুমতি প্ৰদানৰ প্ৰস্তাৱ গ্ৰহণ কৰিছে। আনহাতে, বিধিগত অনুমোদন সম্পৰ্কীয় বোজা হ্ৰাস কৰাৰ উদ্দেশ্যে আইএমএফএল বিপণীৰ অনুজ্ঞাপত্ৰধাৰীৰ মৃত্যুৰ ক্ষেত্ৰত মৃতকৰ আইনগত উত্তৰাধিকাৰী বা নিকটাত্মীয়লৈ অনুজ্ঞাপত্ৰ হস্তান্তৰৰ ক্ষেত্ৰত চৰকাৰে উপায়ুক্তসকলক কৰ্তৃত্ব প্ৰদান কৰাৰো প্ৰস্তাৱ লৈছে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme