ডিজিটেল ডেস্কঃ আৰ্থিক অৱস্থা সুচল নহলেও ৩ সন্তানৰ ৰুচিৰ ওপৰত সুক্ষ্মভাৱে পৰ্যালোচনা কৰি ভৱিষ্যত গঢ় দিয়াৰ বাবে এগৰাকী মাতৃয়ে কৰা কামক আপোনাৰো দিবলৈ মন যাব চেল্যুট। তেওঁৰ নাম পূৰ্ণিমা মণ্ডল, ঘৰ গুৱাহাটীত। জি এম ডিৰ চাফাই কৰ্মী হিচাপে নিয়োজিত এইগৰাকী পূৰ্ণিমা মণ্ডলে নিজৰ ৩ সন্তানক ক্ৰীড়া ক্ষেত্ৰৰ জড়িত কৰাই একো একো গৰাকী সফল খেলুৱৈ হিচাপে গঢ়ি তোলাৰ স্বপ্ন দেখিছিল। গুৱাহাটীৰ দৰে ঠাইত সন্তানে যাতে কোনো বেয়া দিশৰ সৈতে জড়িত হৈ নপৰে তাৰ বাবে বিভিন্ন খেলৰ সৈতে সন্তানক জড়িত কৰাই দিছিল পূৰ্ণিমা মণ্ডলে।
সন্তানক মানুহ হিচাপে গঢ়ি তোলাৰ বাবে পূৰ্ণিমাই ক্ৰীড়া ক্ষেত্ৰকে বাচি লোৱা সিদ্ধান্তক বিভিন্নজনে বিৰোধিতা কৰিছিল। সকলোবোৰ বিৰোধিতাক একাষৰীয়া কৰি পূৰ্ণিমাই তিনি সন্তানক লৈ দেখা সপোন কিছুদিনৰ পূৰ্বে অলপ হলেও যেন পূৰণ হল। গুৱাহাটীত অনুষ্ঠিত হৈ যোৱা ৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰীড়ানুষ্ঠান খেল’ ইণ্ডিয়াত পূৰ্ণিমাৰ তিনি সন্তানে অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰিলে।
খেল’ ইণ্ডিয়াত অসমক প্ৰতিনিধিত্ব কৰিলে পূৰ্ণিমাৰ ৩ সন্তান সুজিত মণ্ডল, প্ৰদীপ মণ্ডল আৰু মল্লৱিকা মণ্ডলে। সুজিতে খো খো, প্ৰদীপে হকী আৰু মল্লৱিকাই ফুটবলত অসমক প্ৰতিনিধিত্ব কৰিলে। পূৰ্ণিমা মণ্ডলে সন্তানকেইটাক ক্ৰীড়াৰ লগত জড়িত কৰোৱাৰ প্ৰসংগৰ সন্দৰ্ভত কয়, ‘মই মোৰ ল’ৰা-ছোৱালীকেইটাক খেলৰ সৈতে জড়িত কৰোৱাৰ কাৰন হল বিদ্যালয় ছুটীৰ পিছত সিহঁতে সময় নষ্ট কৰাটো মই বিচৰা নাছিলো। এতিয়া তেওঁলোক বিদ্যালয়ৰ পৰা আহে আৰু খেলিবলৈ যায়। প্ৰথমে সিহঁতে এনেই ঘূৰি ফুৰিছিল, মোৰ ভয় হৈছিল কোনো লোকে সিহঁতক অবাটেৰে নিয়ে বুলি।
আৰ্থিকভাৱে দুৰ্বল পূৰ্ণিমা মণ্ডলৰ স্বামী এজন কাঠমিস্ত্ৰী। ঘৰ চলাই সন্তানৰ খেলৰ বাবে বিভিন্ন সামগ্ৰী যোগান ধৰিব পৰাকৈ স্বামীৰ সামৰ্থ নাই বাবেই বিভিন্ন কাম কৰি পূৰ্ণিমা মণ্ডলে সন্তানক ক্ৰীড়া ক্ষেত্ৰখনত আগুৱাই নিয়াৰ ক্ষেত্ৰত প্ৰয়োজনীয় সকলো প্ৰচেষ্টা অব্যাহত ৰাখিছে।
নিজৰ তিনি সন্তানক এইদৰে ক্ৰীড়াৰ সৈতে জড়িত কৰাই বিপথে পৰিচালিত হোৱাৰ পৰা ৰক্ষা কৰা পূৰ্ণিমা মণ্ডল দেশৰ লাখ লাখ মাতৃৰ আদৰ্শ হোৱা উচিত। পূৰ্ণিমাই আমাক কলে, সন্তানক কেৱল ডাক্তৰ-ইঞ্জিনিয়াৰ কৰিয়েই মানুহ হিচাপে গঢ়িব পাৰি বুলি অভিভাৱকৰ ধাৰণা সলনি কৰিবৰ হল। এতিয়া ক্ৰীড়া হৈ পৰিছে এক উন্নত কেৰিয়াৰ।