1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 12:45 pm
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

মোৰ বুকুখন বৰকৈ বিষাইছেঃ খোজ, সেন্দুৰ, মৰম নদীৰ গাভৰু ঘাট’ৰ মানুহজন গ’লগৈ…

  • Update Time : Saturday, November 12, 2022

ডিজিটেল ডেস্কঃ নিপন গোস্বামী, নীলপৱন বৰুৱাৰ পিছতে অতি কম সময়ৰ ভিতৰত অসমে হেৰুৱালে আন এটি নক্ষত্ৰ। বিশিষ্ট চিত্ৰশিল্পী তথা পৰিচালক  পুলক গগৈয়ে ৰাতিপুৱা নিজা বাসগৃহত ত্যাগ কৰে শেষ নিশ্বাস । দীৰ্ঘদিন ধৰি বৃক্কজনিত ৰোগত আক্ৰান্ত হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছিল চিত্ৰশিল্পী গৰাকী । অৱশেষত নিষ্ঠুৰ নিয়তিৰ ওচৰত হাৰ মানি অসমবাসীৰ মাজৰ পৰা বিদায় মাগিলে পুলক গগৈয়ে ।

১৯৩৮ চনত যোৰহাটত জন্ম গ্ৰহণ কৰা পুলক গগৈয়ে পৰৱৰ্তী সময়ত চিত্ৰশিল্পৰ শিক্ষা লাভ কৰিছিল মুম্বাইৰ বান্দ্ৰা স্কুল অৱ আৰ্টছৰ পৰা । কেৱল কেনভাছতেই নহয় বৰং বোলছবি জগততো পৰিচালনাৰ যোগেদি দৰ্শকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল শিল্পী গৰাকীয়ে । অসমীয়া বোলছবি যেনে খোজ, সেন্দুৰ, ৰে’লৰ আলি দূবৰি বন, মৰম নদীৰ গাভৰু ঘাট আদিৰ পৰিচালনাৰে ৰজত কমল বঁটাও লাভ কৰিছিল পুলক গগৈয়ে ।

বিশিষ্ট চলচ্চিত্ৰ পৰিচালক পুলক গগৈৰ বিয়োগত মুখ্যমন্ত্ৰীয়ে শোক প্ৰকাশ কৰিছে। ছচিয়েল মিডিয়াযোগে বিশিষ্ট চলচ্চিত্ৰ পৰিচালকগৰাকীৰ বিয়োগত শোক প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। পুলক গগৈৰ দেহাৱসানত শোক প্ৰকাশ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও। ছচিয়েল মিডিয়াত সোণোৱালে লিখিছে, ‘‘প্ৰখ্যাত চিত্ৰশিল্পী তথা চলচ্চিত্ৰ পৰিচালক পুলক গগৈদেৱে জনপ্ৰিয় সৃষ্টিৰাজিৰে অসমৰ কলা-সংস্কৃতিৰ জগতখনক সমৃদ্ধ কৰি থৈ গৈছে। তেখেতৰ বিয়োগৰ খবৰ পাই অত্যন্ত মৰ্মাহত হৈছোঁ। পুলক গগৈদেৱৰ বিদেহ আত্মাৰ সদ্গতি কামনা কৰি শোকস্তব্ধ পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জনালোঁ।’’

দীৰ্ঘদিনৰ পৰা অসুস্থ হৈ থকা পুলক গগৈৰ মৃত্যুৰ পাছতে পত্নীয়ে কয়- ‘একো লক্ষণ দেখা নাছিলো,হঠাৎ বুকুখন বিষাইছে বুলি ক’লে। তাৰ পিছতে তেওঁৰ দেহাৱসান ঘটে। উল্লেখ কৰা প্ৰয়োজন যে,  গুৱাহাটীৰ বিভিন্ন স্থানত শিল্পী গৰাকীক শেষ শ্ৰদ্ধা জ্ঞাপন কৰা হব।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme