1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 5:32 am

প্ৰধানমন্ত্ৰী উঠা ‘হাইটেক’ গাড়ীখনে কিমান মাইলেজ দিয়ে?

  • Update Time : Saturday, May 21, 2022

ডিজিটেল ডেস্কঃ দামবৃদ্ধিয়ে কোঙা কৰিছে দেশৰ জনতাক। বিগত এবছৰৰো অধিকসময় ধৰি দেশত ইন্ধনৰ দাম অত্যাধিক বৃদ্ধি হৈছে। গাড়ী এখন কিনো ভাৱোতেও তেলৰ দানমবৃদ্ধিয়ে চিন্তিত কৰে জনতাক। গাড়ীখন কিনাৰা আগতেই এতিয়া মাইলেজৰ কথা আগতেই জানিব বিছাৰে একোজন গ্ৰাহকে বুলি বিভিন্ন ডিলাৰ কৰ্তৃপক্ষই প্ৰকাশ কৰিছে। তেনে সময়তে বহুতেই কয় প্ৰধানমন্ত্ৰীয়েতো বেছিভাগ সময়েই স্থলপথেৰে গাড়ীৰেই যাত্ৰা কৰে। তেওঁ ভ্ৰমণ কৰা বিলাসী বাহনবোৰে কিমান মাইলেজ দেখুওৱাই?

২০২১চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাবে প্ৰধানমন্ত্ৰী দপ্তৰৰ পৰা লোৱা হৈছিল নতুন Mercedes-Maybach-S 650-Guard গাড়ীখন। এই বাহনৰ তেতিয়া বজাৰ মূল্য আছিল ১২কোটি টকা। প্ৰধানমন্ত্ৰীৰ সুৰক্ষাৰ দিশটোলৈ লক্ষ্য ৰাখিয়েই ক্ৰয় কৰা হৈছিল এই বিলাসী বাহন। গাড়ীখনত সুৰক্ষাৰ বাবেই আছে একাধিক ফিচাৰ। কেৱল মাৰ্চিডিছৰ গাড়ীতহে এনে সুৰক্ষাজনিত দিশৰ বাবে বিভিন্ন ফিচাৰ সংযুক্ত কৰা হয়। এই গাড়ীৰ জালনাৰে বা গাড়ীৰ বডিত AK-47 ৰাইফলেৰে গুলীচালনা কৰিলেও গাড়ীৰ ভিতৰত যাত্ৰী সুৰক্ষিত হৈ থাকে। গাড়ীখনৰ পৰা মাত্ৰ ২ মিটাৰ দূৰত্বত ১৫কিঃগ্ৰাঃ TNT-বিস্ফোৰক দিলেও গাড়ীখনৰ যাত্ৰীৰ কোনো ক্ষয়-ক্ষতি নহয়। টায়াৰ পাংচাৰ হ’লেও অনায়াসে ৩০ কিঃমিঃ যাত্ৰা কৰিব পৰাকৈ শক্তিশালী টায়াৰ। গাড়ীখনৰ ভিতৰৰ ফালে আছে পলিকাৰ্বনেট কোটিং। আনহাতে বিস্ফোৰণত যাত্ৰীৰ কোনো ক্ষতি নহ’বৰ বাবে গাড়ীৰ তলত আছে আৰমাৰ্ড প্ৰটেকশ্ব্যন। গেছ এটাকতো যাত্ৰীয়ে অসুবিধা নাপাবলৈ আছে বিশেষ এয়াৰ চাপ্লায়াৰ।

Mercedes-Maybach-S 650-Guard-বাহনত আছে এটা ৬ লিটাৰ টুইন টাৰ্ব V12-ইঞ্জিন। এই ইঞ্জিনে সৰ্বাধিক 516-bhp শক্তি আৰু 900 Nm টর্ক দিয়ে। গাড়ীখনে প্ৰতি ঘণ্টাত ১৬০ কিঃমিঃ বেগত যাত্ৰা কৰিব পাৰে। কোনো কাৰণত পাংচাৰ হ’লেও একেই স্পীডতেই গাড়ীখনে যাত্ৰা কৰিব পাৰে। অৰ্থাৎ বিপদৰ সন্মুখীন হ’লেও তৎক্ষণাত স্থান ত্যাগ কৰিবলৈ এই বাহন উপযুক্ত। ARAI য়ে দিয়া তথ্য অনুসৰি পেট্রল চালিত Mercedes-Maybach-S 650-Guard য়ে প্ৰতি কিঃমিঃত মাইলেজ দিয়ে ৭.০৮। অর্থাৎ ১ লিটাৰ পেট্রলত বাহনখনে ৭.০৮ কিঃমিঃ যাব পাৰে।

উল্লেখ্য যে এই বাহন ক্ৰয়ৰ পূৰ্বে Range Rover Vogue আৰু Toyota Land Cruiser বাহন ব্যৱহাৰ কৰিছিল প্ৰধানমন্ত্ৰীয়ে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme