1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
June 29, 2024, 9:35 am

আকৌ কিমান টকা বাঢ়িল ৰন্ধন গেছৰ দাম?

  • Update Time : Wednesday, July 6, 2022

নতুন দিল্লীঃ আকৌ দামবৃদ্ধিৰ মাধমাৰ! বিগত সময়ছোৱাত বাণিজ্যিক চিলিণ্ডাৰৰ দাম হ্ৰাস পাইছিল যদিও আজিৰে পৰা দেশত পুনৰ বৃদ্ধি পাইছে ঘৰুৱা গেছ চিলিণ্ডাৰৰ দাম। বুধবাৰে পুৱাই গেছ বিতৰণ কোম্পানীসমূহে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য বৃদ্ধি কৰিছে। ইণ্ডিয়ান অইলৰ শেহতীয়া আপডেট অনুসৰি এতিয়াৰে পৰা ৰাজসাহায্যবিহীন ১৪.২ কেজিৰ ঘৰুৱা গেছ চিলিণ্ডাৰৰ দাম ৫০ টকা বৃদ্ধি কৰা হৈছে। ইয়াৰ ফলত ৰাজধানী দিল্লীত ১৪ কেজি চিলিণ্ডাৰৰ দাম ১০০৩ টকাৰ পৰা ১০৫৩ টকালৈ বৃদ্ধি পাইছে। ইয়াৰ বিপৰীতে বাণিজ্যিক চিলিণ্ডাৰৰ দাম আজি পুৱাৰে পৰা কাৰ্যকৰী হোৱাকৈ ৯টকা হ্ৰাস কৰা হৈছে। উল্লেখ্য যে এইবাৰেই প্ৰথমবাৰৰ বাবে ঘৰুৱা চিলিণ্ডাৰৰ দাম হ্ৰাস পোৱাৰ পৰিৱৰ্তে বাণিজ্যিক চিলিণ্ডাৰৰ দাম হ্ৰাস পাইছে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme