ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে তিনি বজাত ভাৰতীয় নিৰ্বাচনী আয়োগে ঘোষণা কৰিব ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ সময়সূচী। বৰ্তমানৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ কাৰ্যকাল ২০২২ বৰ্ষৰ ২৪ জুলাইত শেষ হ’ব। ভাৰতীয় সংবিধানৰ অনুচ্ছেদ ৬২ অনুসৰি এজন ৰাষ্ট্ৰপতিৰ কাৰ্যকাল শেষ হোৱাৰ পূৰ্বেই ৰাষ্ট্ৰপতি নিৰ্বাচন অনুষ্ঠিত কৰিব লাগে।
উল্লেখ্য যে ২০১৭ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচন অনুষ্ঠিত হৈছিল ১৭ জুলাই তাৰিখে আৰু ৰাষ্ট্ৰপতিৰ নাম ঘোষণা হৈছিল ২০ জুলাই তাৰিখে। ৰাষ্ট্ৰপতি নিৰ্বাচনত দিল্লীকে ধৰি দেশৰ সকলো ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ লগতে পণ্ডিচেৰী বিধান সভাৰ নিৰ্বাচিত সদস্যসকলেও ভোটদান প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিব।