1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 7:44 am

বিয়াৰ বাবে গহনা কিনিবলৈ অহা CRPFজোৱানক হোটেললৈ মাতি নি লিংগ কাটি দিলে প্ৰেমিকাই…

  • Update Time : Thursday, June 8, 2023

ডিজিটেল ডেস্কঃ এক ভয়ংকৰ ঘটনা। এই ঘটনা শুনাৰ পাছত আপুনিও প্ৰেমিকাৰ সৈতে সময় কটাবলৈ কিজানি ১০বাৰ ভাৱিব লগা হ’ব পাৰে। বিয়ালৈ মাত্ৰ ১৫দিন থকা অৱস্থাত প্ৰেমিকাই সেনা বাহিনীত কৰ্মৰত প্ৰেমিকৰ লিংগ কাটি দিয়া ঘটনাই দেশজুৰি সংবাদমাধ্যমৰ শিৰোনাম দখল কৰিছে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি, অন্য এগৰাকী যুৱতীৰ সৈতে জুন মাহৰ ভিতৰতে বিয়া হোৱাৰ কথা আছিল চি আৰ পি এফ জোৱানজনৰ, ঘৰৰ পৰা ঠিক হৈছিল এই বিয়া।  কিন্তু চি আৰ পি এফ জোৱানজনে গোপনে অন্য এগৰাকী যুৱতীৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছিল।

অন্য এগৰাকী যুৱতীৰ সৈতে ঘৰৰ পৰা বিয়া ঠিক হোৱাৰ খবৰ পাছতে প্ৰেমৰ সম্পৰ্কত থকা যুৱতীগৰাকীয়ে মাতি পঠায় চি আৰ পি এফ জোৱানগৰাকীক। আৰু দুয়ো এখন হোটেলত থাকিবলৈ যায়।  হোটেল যোৱাৰ পাছত এনিশা হোটেলতে থকাৰ সিদ্ধান্ত লয় দুয়ো। কিন্তু নিশা যুৱতীগৰাকীয়ে নৃশংসতাৰে কাটি দিয়ে চি আৰ পি এফ জোৱানগৰাকীৰ লিংগ। যান্ত্ৰণাত চটফটাই থকা জোৱানগৰাকীক হোটেল কৰ্তৃপক্ষই হস্পাতালত ভৰ্তি কৰে যদিও তেওঁৰ স্বাস্থ্য এতিয়াও সংকটজনক বুলি ৰাষ্ট্ৰীয় সংবাদমাধ্যমত বাতৰি প্ৰকাশ পাইছে।

ইফালে এই ঘটনাৰ পাছতে যুৱতীগৰাকীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।  আৰক্ষীৰ আগত এই নৃশংসতাৰ কথা স্বীকাৰো কৰিছে যুৱতীগৰাকীয়ে। যুৱতীগৰাকীয়ে স্বীকাৰ কৰা অনুসৰি, দুয়োৰে মাজত ৰাতি তুমূল কাজিয়া হয় আৰু হিতাহিত জ্ঞান হেৰুৱাই যুৱতীগৰাকীয়ে তেওঁৰ বেগত থকা চুৰিৰে কাটি দিছিল প্ৰেমিকৰ গোপন অংগ।  উল্লেখ কৰা প্ৰয়োজন যে, বিহাৰৰ ৰাজধানী পাটনাত সংঘটিত হৈছে এই ঘটনা।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme