1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 31, 2025, 3:20 pm

ইউটিউবাৰৰ প্ৰেমত পিছলিল অৰ্জুন! মলাইকাই দিলে ব্ৰেকআপ!

  • Update Time : Sunday, August 27, 2023

ডিজিটেল ডেস্কঃ বহু সমালোচনাৰ মুখামুখি হৈও এটা সুন্দৰ সৰ্ম্পকত থকা অৰ্জুন কাপুৰ আৰু মলাইকাৰ সম্পৰ্কত চিৰাল ফাঁট দিলে কিয়! কি কাৰনৰ বাবে দুয়োজনৰ মাজত সম্পৰ্কটোত হঠাতে ফাঁট মেলিল। এনে বহুবোৰ প্ৰশ্নৰ উত্তৰ বিচাৰি হাবাথুৰি খাইছে এতিয়া নেটিজেনসকল। এনেবোৰ চৰ্চাৰ মাজতে শেহতীয়াকৈ পোহৰলৈ আহিছে অৰ্জুন-মলাইকাৰ সম্পৰ্কত ফাঁট মেলাৰ আচঁল কাৰন।

ৰাষ্ট্ৰীয় সংবাদমাধ্যমত প্ৰকাশিত খবৰ অনুসৰি, এগৰাকী ইউটিউবাৰৰ সৈতে শেহতীয়াকৈ ঘনিষ্ঠতা বাঢ়িছে অৰ্জুন কাপুৰৰ। যাৰ বাবে মলাইকাৰ সৈতে কিছু দুৰত্ব বাঢ়িছে অৰ্জুন কাপুৰৰ। মোহময়ী মহিলা ইউটিউবাৰ কুশা কপিলাৰ সৈতে ঘনিষ্ঠতা বৃদ্ধি পোৱাৰ উপৰিও দুয়ো দুয়োকে কিছুদিনৰ পৰা ডেট কৰি আছে বুলি খবৰ ওলাইছে। এই সকলোবোৰ মিলাই মলাইকা অৰ্জুনক লৈ খুবেই অসন্তুষ্ট আৰু এনেবোৰ কাৰকে ক্ৰিয়া কৰাৰ বাবেই মলাইকা আৰু অৰ্জুনৰ সম্পৰ্কত চিৰাল ফাঁট দিছে।

উল্লেখ কৰা প্ৰয়োজন যে, এই সমগ্ৰ ঘটনাৰ ওপৰত শেহতীয়াকৈ ইউটিউবাৰ কুশা কপিলাই স্পষ্টীকৰণ দিছে যে, অৰ্জুনৰ সৈতে তেওঁৰ প্ৰেমৰ সম্পৰ্ক নাই বা তেনে কোনো কথাৰ চৰ্চা হৈছে যদিও তাৰ কোনো ভিত্তি নাই। কিন্তু লক্ষ্যণীয়ভাৱে এই সমগ্ৰ বিষয়টোৰ ওপৰত কোনো মন্তব্য কৰা নাই অৰ্জুন আৰু মলাইকাই।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme