1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 2:38 pm

প্ৰশান্ত কিশোৰৰ ভৱিষ্যতবাণী, হিমাচল আৰু গুজৰাটতো শোচনীয় পৰাজয় হ’ব কংগ্ৰেছৰ…

  • Update Time : Friday, May 20, 2022

ডিজিটেল ডেস্কঃ আগন্তুক হিমাচল আৰু গুজৰাটৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছে শোচনীয়ভাৱে পৰাজিত হ’ব। এই ভৱিষ্যতবাণী কৰিছে বৰ্তমানৰ চানক্য হিচাপে পৰিচিত প্ৰশান্ত কিশোৰে। প্ৰশান্ত কিশোৰে কংগ্ৰেছৰ ৰাজনৈতিক ষ্ট্ৰেটেজী তৈয়াৰ কৰিব নেকি এই বিষয়টোৱে বিশেষভাৱে চৰ্চা লাভ কৰিছিল। কিন্তু সকলো জল্পনা-কল্পনা ওফৰাই প্ৰশান্ত কিশোৰে কংগ্ৰেছ দলৰ সৈতে যুক্ত নোহোৱাৰ কথা প্ৰকাশ কৰে। ইয়াৰ পিছতেই শুকুৰবাৰে কিশোৰে দিয়া এটা টুইট চৰ্চাত আহিছে।

টুইটত প্ৰশান্ত কিশোৰে আগন্তক হিমাচল আৰু গুজৰাটৰ বিধানসভা নিৰ্বাচনকলৈ কৰিছে বিশেষ ভৱিষ্যতবাণী। ভৱিষ্যতবাণত কিশোৰে পোনছাটেই কৈছে এই দুই ৰাজ্যত কংগ্ৰেছৰ শোচনীয় পৰাজয় হ’ব। কংগ্ৰেছে লোৱা সকলো ৰাজনৈতিক ষ্ট্ৰেটেজীয়েই তাত ভুল প্ৰমাণিত হ’ব। লগতে টুইটটোত প্ৰশান্ত কিশোৰে উল্লেখ কৰিছে,’ উদয়পুৰৰ নিৰ্বাচনত কোন দলে সংখ্যগৰিষ্ঠতা লাভ কৰিব এই বিষয়ে বহুতেই প্ৰশ্ন কৰি আছে। মোৰ মনে কৈছে, কেৱল উদয়পুৰতই নহয়, কংগ্ৰেছে গুজৰাট, হিমাচল প্ৰদেশ কতোৱেই ভাল ফলাফল লাভ নকৰে।’

কিয় ফলাফল ভাল নহ’ব তাৰো বাখ্যা দাঙি ধৰি কিশোৰে কয় যে, দেশৰ প্ৰায় সকলো ৰাজ্যতেই কংগ্ৰেছৰ উপযুক্ত নেতৃত্বৰ অভাৱ ঘটিছে। কিশোৰে বিগত কিছুদিন পূৰ্বে কংগ্ৰেছ নেতৃত্বতে বৈঠকত মিলিত হৈছিল। তাত কিশোৰে কংগ্ৰেছৰ নেতৃবৰ্গক আগবঢ়াইছিল এটা পৰামৰ্শও। কিশোৰে কংগ্ৰেছৰ সকলো নেতৃত্বকে একগোট হৈ কাম কৰাৰ পৰামৰ্শ আগবঢ়াইছিল। অৱশ্যে কিশোৰে কংগ্ৰেছৰ হৈ কাম কৰাৰ প্ৰস্তাৱক নাকচো কৰে। নিজা ৰাজনৈতিক দল খোলাৰ কথা চিন্তা কৰা প্ৰশান্ত কিশোৰে বৰ্তমান তৃণমূল কংগ্ৰেছ আৰু টি আৰ এছৰ ৰাজনৈতিক পৰামৰ্শদাতা হিচাপে কাম কৰি আছে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme