1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 7:36 am

সেই গলগলীয়া মাত ভ্ৰাম্যমাণৰ মঞ্চত শুনিবলৈ নাপায়ঃ প্ৰাণজিত দাস আৰু নাই…

  • Update Time : Sunday, January 22, 2023

ডিজিটেল ডেস্কঃ কিছুদিনৰ আগৰ কথা। মানকাচাৰৰ হাত শিঙিমাৰীত ‘থিয়েটাৰ সূৰ্য’ত ‘মই সেন্দুৰ নলওঁ’ নাটখনত অভিনয় কৰি উঠাৰ পিছত শিল্পীগৰাকীয়ে তেওঁ থকা হোটেললৈ বুলি যাবলৈ লওঁতেই নিজৰ গাড়ীত ঢলি পৰিছিল। তাৰ পিছত ততাতৈয়াকৈ তেওঁক চিকিৎসালয়লৈ নিয়া হয় । চিকিৎসকে অভিনেতাগৰাকী ব্ৰেইন ষ্ট্ৰ’কত আক্ৰান্ত হোৱা বুলি জনোৱাৰ লগতে তেওঁক গুৱাহাটীলৈ ৰেফাৰ কৰে ।

গুৱাহাটীত কিছুদিন চিকিতসাধীন হৈ থকাৰ পাছত ২২জানুৱাৰী ২০২৩ত আহিল দুখৰ খবৰটো।  খবৰ আহিল যে, ভ্ৰাম্যমাণ থিয়েটাৰৰ বলিষ্ঠ অভিনেতা প্ৰাণজিত দাস আৰু নাই । গুৱাহাটীৰ মেট্ৰো হাস্পাতালত চিকিৎসাধীন অৱস্থাত থকা অভিনেতাগৰাকীয়ে আজি পুৱা ১০.০৪ বজাত শেষ নিশ্বাস ত্যাগ কৰে ।

বলিষ্ঠ অভিনেতাগৰাকীৰ মৃত্যুত এতিয়া শোকস্তদ্ধ ৰাজ্যৰ শিল্পী সমাজ।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme