1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 7:11 pm
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

ইচ্ছা থাকিলে জীৱনত সকলো কৰিব পাৰি, পঢ়ক প্ৰাঞ্জলৰ কাহিনী…

  • Update Time : Sunday, April 10, 2022

ডিজিটেল ডেস্কঃ ইউ পি এছ চিৰ দৰে জটিল সৰ্বভাৰতীয় পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱাতো ইমান সহজ কথা নহয়। তেনেস্থলত আপুনিয়ে ভাৱকচোন, এগৰাকী দৃষ্টিহীন এনে পৰীক্ষাৰ উৰ্ত্তীণ হোৱাতো সম্ভৱনে! কিন্তু এই অসম্ভৱকো সম্ভৱ কৰি দৃষ্টিহীন প্ৰাঞ্জল পাটিলে এই পৰীক্ষাত অৱৰ্তীণ হৈ ২০১৬ বৰ্ষত সফলতাৰে উৰ্ত্তীণও হল।

এবাৰ নহয়, দুবাৰকৈ সৰ্বভাৰতীয় প্ৰশাসনিক পৰীক্ষাত সফলতাৰে উৰ্ত্তীণ হৈ এতিয়া প্ৰাঞ্জল পাটিল দেশৰ এগৰাকী উচ্চ পদস্থ প্ৰশাসনিক বিষয়া। জীৱনৰ সকলো জটিলতা, প্ৰত্যাহ্বান প্ৰাঞ্জলে সাহসেৰে সন্মুখীন হৈছে। জীৱনৰ প্ৰতি পল-অনুপলক গভীৰতাৰে উপলদ্ধি কৰিছে। প্ৰাঞ্জল পাটিল হৈছে দেশৰ প্ৰথমগৰাকী দৃষ্টিহীন মহিলা আই এ এছ বিষয়া।

অন্ত্যন্ত সাহসী আৰু আত্মবিশ্বাসৰ গৰাকী প্ৰাঞ্জল পাটিল জন্মগত দৃষ্টিহীন নাছিল। প্ৰাঞ্জল তেতিয়া পঢ়ি আছিল মহাৰাষ্ট্ৰৰ এখন প্ৰাথমিক স্কুলত। বয়স আছিল ৫ বছৰ। ধেমালি কৰি থাকোতে এগৰাকী সহপাঠীয়ে প্ৰাঞ্জলৰ এটা চকুত সোমোৱাই দিছিল এডাল কাঠ পেঞ্চিল। ইয়াৰ পাছতে প্ৰাঞ্জলক এটা চকু হৈ পৰে বিকল। চিকিৎসকে প্ৰাঞ্জলক পৰীক্ষা কৰি কলে যে, ভৱিষ্যতে তেওঁ ইটো চকুৱো বিকল হৈ পৰিব পাৰে। চিকিৎসকৰ এই ভৱিষ্যতবাণীয়ে সচাঁ হৈছিল। কিছু দিনৰ পাছতে প্ৰাঞ্জলৰ আনটো চকু হৈ পৰিছিল বিকল।

পোহৰৰ পৃথিৱীখন প্ৰাঞ্জলৰ বাবে হঠাতে হৈ পৰিছিল অন্ধকাৰ। মেধাৱী সন্তানৰ জীৱনত হঠাতে ঘটা এই ঘটনাই মৰ্মাহত কৰিলে প্ৰাঞ্জলৰ পিতৃ-মাতৃকো। কিন্তু মনোবল হেৰুৱা নাছিল প্ৰাঞ্জলে। পিতৃ-মাতৃয়েও প্ৰাঞ্জলৰ মনোবল দেখি মুম্বাইৰ দাদৰস্থিত অন্ধ বিদ্যালয়ত নামভৰ্তি কৰিলে। দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত সুখ্যাতিৰে পাছ কৰিলে প্ৰাঞ্জলে।

দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত কলেজৰ ভিতৰতে প্ৰথম স্থানো দখল কৰিছিল প্ৰাঞ্জলে। জীৱনৰ জটিলতা ধ্বংস কৰিবলৈ নাহে। বৰঞ্চ ইয়াৰ দ্বাৰা মানুহৰ ধৈৰ্য আৰু শক্তিক পৰীক্ষা কৰিবলৈ এক সুযোগ দিয়ে। সেয়েহে জীৱনৰ জটিলতাক প্ৰাঞ্জলে বুজাই দিছিল যে আত্মবিশ্বাস আৰু অদম্য মনোবলৰ গৰাকীক পৰাস্ত কৰোটো দৰাচলতে কিমান জটিল।

প্ৰাঞ্জলৰ প্ৰৱল মনোবলৰ সাক্ষী দেশৰ আগশাৰীৰ শিক্ষানুষ্ঠান জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ো। এই শিক্ষানুষ্ঠানৰ পৰাই প্ৰাঞ্জলে আন্তৰাষ্ট্ৰীয় সমন্ধ বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। ইয়াৰ পিছতে তেওঁ পি এইচ ডি আৰু এম ফিল কৰিছিল। সৰুৰে পৰাই সমাজ জীৱনৰ বাবে কিবা এটা কৰাৰ তাড়নাতে প্ৰাঞ্জলে সিদ্ধান্ত লৈছিল যে তেও প্ৰশাসনিক সেৱাৰ পৰীক্ষাত বহিব।

২০১৬ চনৰ ইউ পি এছ চি পৰীক্ষাত ৭৭৩ সংখ্যক স্থান লাভ কৰাৰ পাচতে ভাৰতীয় ৰে’লৱেত হিচাপ পৰীক্ষাগাৰত উচ্চ পদস্থ চাকৰিৰ বাবে সুযোগ লাভ কৰিছিল প্ৰাঞ্জলে। কিন্তু দৃষ্টিহীন হোৱাৰ বাবে বিভাগে প্ৰাঞ্জলক প্ৰদান কৰা নাছিল চাকৰি। নিৰাশ হৈছিল প্ৰাঞ্জল। কিন্তু কেতিয়াও হাৰিবলৈ নিশিকা প্ৰাঞ্জলে পিছৰ বৰ্ষত সৰ্বভাৰতীয় প্ৰশাসনিক পৰীক্ষাত ১২৪ সংখ্যক স্থান লাভ কৰিলে। যাৰ বাবে আজি কেৰালাৰ ৰাজধানীত এজন উচ্চ পদস্থ প্ৰশাসনিক বিষয়াৰূপে কৰ্মৰত প্ৰাঞ্জল পাটিল।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme