ডিজিটেল ডেস্কঃ প্ৰায় সকলো লোকৰে এটা ধাৰণা থাকে- পাণ দোকান দি কিমাননো টকা ঘটিব! ঘৰখন কেনেবাকৈ চলাব পাৰেহে ছাগে! কিন্তু এজন অসমীয়া পাণদোকানীৰ কথা কম যাৰ উপাৰ্জন মাহিলি লাখটকাৰো অধিক। এটা দিনত ১০০০-১৫০০খন পাণ বিক্ৰী হোৱা এই পাণ দোকানত মাহিলী উপাৰ্জন কেইবালাখ টকা। সাধাৰণভাৱেই হিচাপ কৰিলে দেখিব এই পাণ দোকানবোৰ উপাৰ্জন অতি কমও মাহিলী ৫-৬লাখ টকা।
প্ৰণৱ গগৈৰ পাণ দোকান আছে গুৱাহাটীৰ লখৰাত। পাণ খাই ভালপোৱা লোকসকলক প্ৰণৱৰ বাবা পাণ ভাণ্ডাৰ দোকানখনৰ কথা নতুনকৈ কব নালাগে। উৎকৃষ্ট মানৰ পাণ গ্ৰাহকক যোগান ধৰাৰ বাবেই প্ৰণৱে দোপতদোপে উন্নতি লাভ কৰিছে এই ক্ষেত্ৰখনত।
১৯৯৮চনত এটা চাকৰি বিচাৰি প্ৰণৱ আহিছিল গুৱাহাটীলৈ। কিন্তু চাকৰিৰ সলনি নিজে কিবা এটা কৰাৰ কথা ভাৱি গুৱাহাটীৰে বহিৰাজ্যৰ মালিকাধীন এখন পাণদোকানত কাম কৰিছিল। তাৰ ছমাহৰ পাছতে নিজেই এখন পাণ দোকান খুলিলে প্ৰণৱে। তেতিয়াৰ পৰা আৰু পিছলৈ ঘূৰি চাব লগা হোৱা নাই প্ৰণৱে।
লখৰাত প্ৰণৱৰ পাণ দোকানখন সৰু হলেও এতিয়া লাখৰ ঘৰত উপাৰ্জন। নিজৰ পৰিয়ালৰ লগতে আই কেইবাজনো যুৱকক সংস্থাপনো দিছে প্ৰণৱে। পাণ দোকান দি গুৱাহাটীত ঘৰ মাটি কিনি ঘৰ সাজিলে প্ৰণৱ গগৈয়ে। অসমীয়া সকলো ডেকাক কামলৈ লাজ নকৰি কেৱল মাত্ৰ কাম কৰিবলৈ আহ্বান জনালে প্ৰণৱে।
ভৱিষ্যতে বহিঃৰাজ্যৰ বণিয়াৰ হাতৰ পৰা নৱপ্ৰজন্মই অৰ্থনীতি কাঢ়ি আনিব বুলিও আশাবাদী প্ৰণৱ। কামৰ সৰু-বৰ বিচাৰ নকৰি কামক কাম বুলি বিচাৰ কৰে প্ৰণৱে।