1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 6:25 am
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

মানুহজনক বচাব পৰা গ’লহেঁতেন নেকি…

  • Update Time : Sunday, August 13, 2023
ডিজিটেল ডেস্কঃ বিজ্ঞানৰ জটিল কথাবোৰ সৰল কৰি ৰাইজক জনোৱা ড৹ প্ৰণৱজ্যোতি চেতিয়া হঠাতে নোহোৱা হোৱাক লৈ  এতিয়াও স্ৰিয়মান সমগ্ৰ ৰাজ্যবাসী। বিজ্ঞানী চেতিয়াৰ মৃত্যুৰ পাছতে এতিয়াও সামাজিক মাধ্যমত চেতিয়াৰ আকস্মিক মৃত্যুক লৈ অব্যাহত আছে চৰ্চা। চেতিয়াৰ মৃত্যুৰ ঘটনাক লৈ শেহতীয়াকৈ সামাজিক মাধ্যমত মন্টুলোচন বৰা নামৰ এগৰাকী ব্যক্তিৰ এটা পোষ্ট ভাইৰেল হৈ পৰিছে। পোষ্টটোত বৰাই লিখিছে-
মোৰ বোধেৰে মানুহজনক বচাব পৰা গ’লহেঁতেন যদি………….
প্ৰায়ে বিভিন্ন বিষয় লৈ বিজ্ঞাজ্যোতি নামৰ একাউণ্টত ভূমুকি মাৰি থকা ড৹ প্ৰণৱজ্যোতি চেতিয়া নামৰ যোৰহাটৰ বিজ্ঞান আৰু তাৰকাগৃহৰ তত্ত্বাৱধায়ক লোকজন কেই ঘন্টামানৰ ভিতৰতে অসুস্থ হৈ হঠাৎ নাইকিয়া হৈ গ’ল।সকলোৱে ম’বাইলত দেখি থকা মানুহজন আমাৰ মাজৰপৰা হঠাৎ হেৰাই গ’ল বুলি গ’ম পাই বহু মানুহ হঠাৎ শোকস্তব্ধ হোৱাৰ লগতে আচৰিত হৈ পৰিল।প্ৰায় সকলোৱে দুখতে এশাৰী লিখিলে।
কিন্তু অতি গুৰুত্বপূৰ্ণ কথা এটা মই কাৰোৰে লিখনিতে নেদেখিলোঁ।
মোক তেখেতৰ সেইদিনা ঘটনাটোৰ বিষয়ে জনা এজনে কোৱা মতে তেখেতে নিজৰ কাৰ্য্যালয়ৰ পৰা ওলাই যাওতেই বুকুত বিষ অনুভৱ কৰিছিল আৰু তেখেতে নিজে গৈ সঞ্জীৱনী হাস্পতালত উপস্থিত হৈছিল।বুকুৰ বিষ মানুহজনে সন্ধিয়া 5.30 মানতেই অনুভৱ কৰিছিল আৰু হাস্পতালত উপস্থিত হোৱাৰ পাছত ৰাতি 9.30/10 বজাত ঢুকালে বুলি জানিব পাৰিছোঁ। ইমান সময় মানুহজনে যুঁজিছিল মৃত্যুৰ সৈতে।এটা দীঘলীয়া সময়।
এতিয়া কথা হ’ল সঞ্জীৱনী হাস্পতালত কাৰ্ডিয়লজী বিভাগ আছিল নে?মই আজি ফোন কৰি নিশ্চিত হ’লোঁ তাত কাৰ্ডিয়লজী বিভাগ নাই। হায়াত হাস্পতালৰপৰা মাহত দুবাৰকৈ এজন কাৰ্ডিও ডাক্তৰ তালৈ যায়।অৰ্থাৎ তাত হাৰ্টৰ ডাক্তৰ নাই। যদি বিভাগটোৱেই নাই তেনেহ’লে তাত সেই বিভাগৰ উন্নত সা-সৰঞ্জাম যন্ত্ৰ পাতিও নাই। Life supporting system বহু দূৰৰ কথা। গতিকে ড৹ প্ৰণৱজ্যোতি চেতিয়াক সেই সময়ত যিধৰণৰ চিকিৎসা আৰু সা-সৰঞ্জাম যন্ত্ৰ পাতিৰ প্ৰয়োজন হৈছিল তাত নাছিল।সেইখিনি থকা হ’লে হয়তো ড৹ প্ৰণৱজ্যোতি চেতিয়া বাচি গ’লহেঁতেন। বিকল্পও নাছিল। গুৱাহাটীলৈ আনিবলৈও আঠ ন ঘন্টাৰ প্ৰয়োজন হ’ব।সেইটোও ৰিস্কৰ কথা।আনহাতে ডিব্ৰুগড় মেডিকেল কলেজতো কাৰ্ডিও বিভাগত সকলো চিকিৎস কৰিব পৰাকৈ ব্যৱস্থা নাই। যোৰহাট মেডিকেল কলেজৰ কথা চাগে ক’বই নালাগে।
গতিকে সমগ্ৰ উজনি অসম তথা অৰুণাচল নগালেণ্ডৰ একাংশক সামৰি এই বৃহৎ এলেকাটোত এই যুগতো এখন উন্নত চিকিৎসালয়ৰ অভাৱ।ডিব্ৰুগড়ৰ মেডিকেল কলেজত এতিয়াও কেইবাটাও বিভাগ নায়েই। এইবোৰৰ অভাৱৰ বাবে আৰু কিমানজন প্ৰণৱজ্যোতিক আমি হেৰুৱাব লাগিব ঠিক নাই আৰু হেৰুৱাইছোও।
তথাপি আমাৰ সেই অঞ্চলৰ পৰা নিৰ্বাচনত জিকাই পঠোৱা মন্ত্ৰী বিধায়ক সাংসদ আদিৰ কাৰোৰে এই ক্ষেত্ৰত তৎপৰতা নাই সজাগতা নাই বিধানসভাৰ মজিয়াত মাত নাই। আমি যেন সেইসকলক দৰমহা ল’বলৈ ভাত খাবলৈ ফুৰিবলৈহে জিকাই পঠালোঁ।কোনোবাই সোঁৱৰাই দিব লাগিব;নহ’লে তেখেতলোকে একোকে নেদেখে।এইয়াই আমাৰ জনপ্ৰতিনিধি।অন্তত: এবাৰ নিজৰ মানুহখিনিৰ দুৰাৱস্থাৰ কথা ভাৱক।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme