1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 2:07 am

প্ৰজ্ঞা ফাউণ্ডেশ্যনৰ উদ্যোগত ‘যুৱ নেতৃত্ব সমাৰোহ-২০২২’

  • Update Time : Friday, March 25, 2022

ডিজিটেল ডেস্কঃ প্ৰজ্ঞা ফাউণ্ডেশ্যনৰ উদ্যোগত অহা ২৭ মাৰ্চ ২০২২ তাৰিখ দেওবাৰে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শঙ্কৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত অনুস্থিত হ’ব ” যুৱ নেতৃত্ব সমাৰোহ-২০২২।
অসমৰ আগশাৰীৰ সাংস্কৃতিক তথা বৌদ্ধিক অনুষ্ঠান ” প্ৰজ্ঞা ফাউণ্ডেশ্যন”ৰ উদ্যোগত আয়োজিত হ’বলগীয়া এই “যুৱ নেতৃত্ব সমাৰোহ”লৈ ৰাজ্যৰ বিভিন্ন মহাবিদ্যালয় তথা উচ্চ শিক্ষাৰ অনুষ্ঠানৰ পৰা বাচনি কৰা প্ৰায় ১০০০ ছাত্ৰ-নেতা আৰু নেত্ৰীক আমন্ত্ৰণ কৰি অনাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

উল্লেখ্য যে এই ‘যুৱ নেতৃত্ব সমাৰোহ’ আহ্বায়ক ৰূপে আছে অসমৰ ৰাষ্ট্ৰীয় বঁটা বিজয়ী প্ৰখ্যাত ছবি নিৰ্মাতা মঞ্জু বৰা, সাহিত্য অকাদেমী বটাঁ বিজয়ী জনপ্ৰিয় ঔপন্যাসিক অনুৰাধা শৰ্মা পূজাৰী, বিশিষ্ট পৰিবেশ সুৰক্ষা কৰ্মী তথা ‘নেচাৰ্চ বেকন’ৰ মূৰব্বী সৌম্যদ্বীপ দত্ত আৰু জনপ্ৰিয় অভিনেত্ৰী তথা সুগায়িকা গায়ত্ৰী মহন্ত।

‘প্ৰজ্ঞা ফাউণ্ডেশ্যন’ৰ ফালৰ পৰা জনোৱা মতে অহা ২৭ মাৰ্চৰ দিনা পুৱা ৯ বজাৰ পৰা এই সমাৰোহৰ পঞ্জীয়ন পৰ্বৰ শুভাৰম্ভ হ’ব আৰু গধুলি ৫ বজাত অন্তিম কাৰ্যসূচীৰে সমাৰোহৰ সমাপ্তি ঘটিব। অসমৰ ভিন্ন এলেকাৰ পৰা কলাক্ষেত্ৰত সমবেত হ’বলগীয়া ছাত্ৰ নেতা আৰু নেত্ৰী সকলৰ সমুখত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ভাষণ প্ৰদান কৰিব।

এই যুৱ নেতৃত্ব সমাৰোহত কলেজ পৰ্যায়ৰ প্ৰায়ভাগ ছাত্ৰ নেতা আৰু নেত্ৰীয়ে যোগদানৰ নিশ্চিতি প্ৰদান কৰিছে। যদিও এদিনীয়াকৈ এই সমাৰোহ আয়োজন কৰা হৈছে তথাপিও দূৰনিবতীয়া ছাত্ৰ ছাত্ৰীসকলৰ বাবে আগদিনাখনতে আহি থকাৰ ব্যবস্থা কৰা হৈছে। এই অনুষ্ঠানটি সফল কৰাৰ বাবে ইতিমধ্যে ‘প্ৰজ্ঞা ফাউণ্ডেশ্যন’ৰ ফালৰ পৰা সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme