ডিজিটেল ডেস্কঃ কোটি কোটি টকাৰ সম্পত্তি। মাহিলী লাখ টকাৰ দৰমহা। ডাক্তৰৰ দৰে এটা সন্মানজনক বৃত্তি। মানুহৰ জীৱনত সুখী হ’বলৈ আৰু লাগে কি! সাময়িক দৃষ্টিত সকলো খিনিয়েই আছিল ডাঃ সংগীতা দত্ত আৰু ৱালিউল ইছলামৰ ওচৰত। সাংস্কৃতিক দিশতো বেচ চৰ্চা কৰিছিল তেওঁলোকে। তাৰ পিছতো ইমান নৃশংস, নিকৃষ্ট কাম কেনেকৈ কৰিব পাৰে! এটি কণমাণিৰ ওপৰত ইমান নিৰ্মম অত্যাচাৰ কেনেকৈ চলাব পাৰে, সেই কথাকে বিগত দুটা দিনত হয়তো সকলোৱে ভাৱিছে।
উচ্চশিক্ষিত আৰু আৰ্থিকভাৱে প্ৰতিপত্তিশীল ডাঃ সংগীতা দত্ত আৰু ৱালিউল ইছলামৰ ওচৰত নাছিল কি! সমাজত তেওঁলোকে এখন উচ্চ আসন দখল কৰিছিল। কিন্তু ইমানখিনি পোৱাৰ পিছতো তেওঁলোকৰ পতন কেনেকৈ হ’ল জানেনে? চিকিতসক দম্পত্তীৰ পতনৰ মূল কাৰন হ’ল অত্যাচাৰ, দমন, শোষণ আৰু তেওলোকৰ আসুৰিক মানসিকতাৰ বাবে। সাধাৰণ মানৱীয় প্ৰমূল্যবোধৰ চেতনাৰ অভাৱৰ বাবেই তথাকথিত সমাজৰ উচ্চশিক্ষিত প্ৰতিপত্তিশীল লোকৰ এইদৰে পতন হয়। তাৰ উদাহৰণ অজস্ৰ আছে, তাৰে ভিতৰত এইটো অতি শেহতীয়াকৈ ঘটি যোৱা এটা ঘটনাহে।
সৰুতে আপোনাকো হয়তো ঘৰত ডাঙৰে কৈছিল যে, মানুহক মানুহ হিচাপে গণ্য কৰিবি। সকলো জীৱৰ প্ৰতি দয়াশীল হ’বি। ” কিন্তু লাহে লাহে সমাজত এই কথাবোৰ অপ্ৰাংসগিক হৈ পৰিছে। এনে কথাবোৰ মূল্যহীন হৈ পৰাৰ ফলতেই নিজৰ কন্যাৰ মৰ্যদা দিয়া এটি কনমাণিকো শৰীৰৰ গোপন অংগত গৰম ইস্ত্ৰি আৰু গৰম পানী ঢালি অত্যাচাৰ কৰিব পাৰে। এই অত্যাচাৰ কোনো অশিক্ষিত লোকে কৰা নাই, কৰিছে উচ্চশিক্ষিত, উচ্চ পদবীধাৰী আৰু উচ্চ মৰ্যদাসম্পন্ন এখন ঘৰত।
মানুহক মানুহ বুলি গণ্য নকৰিলে, জীৱক জীৱ বুলি নাভাৱিলে আৰু মানৱীয় আৱেগবোৰ নাইকিয়া হলে মানুহ আমানুহ হৈ পৰে আৰু এনেদৰেই নিকৃষ্ট কাম কৰিবলৈ কুন্ঠাবোধ নকৰে। তাৰ উদাহৰণ ডাঃ সংগীতা দত্ত আৰু ৱালিউল ইছলাম। গীতাতো সেই কাৰনেই লিখা আছে- অত্যাচাৰীৰ এদিন পতন নিশ্চিত…