ডিজিটেল ডেস্কঃ অনিৰ্দিষ্ট কাললৈ বন্ধ সকলো শিক্ষানুষ্ঠান৷ দিল্লী চৰকাৰে শেহতীয়াকৈ এই ঘোষণা কৰিছে৷ উল্লেখ্য যে, প্ৰদূষণকেন্দ্ৰিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি দিল্লী চৰকাৰে প্ৰথমে ১৪নৱেম্বৰলৈ শৈক্ষিক প্ৰতিষ্ঠানসমূহ বন্ধ কৰাৰ কথা ঘোষণা কৰিছিল যদিও শেহতীয়াকৈ পৰৱৰ্তী নিৰ্দেশনা প্ৰদান নকৰা পৰ্যন্ত বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ শিক্ষা বিভাগে জাৰি কৰা এক বিবৃত্তি অনুসৰি এই সময়চোৱাত অনলাইন ক্লাছ অব্যাহত থাকিব৷
উল্লেখ্য যে, শেহতীয়াকৈ দিল্লীৰ প্ৰদূষণৰ মাত্ৰা অতিপাত বৃদ্ধি পাইছে৷ কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডে জাৰি কৰা তথ্য অনুসৰি দিনক দিনে দিল্লীত প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পাইছে৷ দিল্লীৰ শেহতীয়া পৰিস্থিতিক লৈ আগন্তুক সোমবাৰে উচ্চপদস্থ বিষয়াবৰ্গৰ সৈতে এক বৈঠকত বহিব দিল্লী পৰিবহন মন্ত্ৰী গোপাল ৰায়৷