ডিজিটেল ডেস্কঃ ৰাজ্যৰ নিযুক্তি প্ৰক্ৰিয়াক লৈ বিৰোধীয়ে সততে প্ৰশ্ন কৰি থকাৰ সময়তে অসম চৰকাৰে কামে-কাজে উত্তৰ দিলে বিৰোধীক। দেওবাৰে ঘোষণা হোৱা অসম আৰক্ষীৰ কামাণ্ডো বেটেলিয়নৰ ফলাফলত ৫৫০০ যুৱক যুৱতীয়ে নিকা নিযুক্তি পালে । ৰাজ্যৰ বিভিন্ন প্ৰান্তত বহু দৰিদ্ৰ যুৱক-যুৱতীয়ে পালে এই চাকৰি। এতিয়া ছচিয়েল মিডিয়াত সকলোৱে ধন্যবাদ দিছে অসম চৰকাৰ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক।
উল্লেখ কৰা প্ৰয়োজন যে, অসম আৰক্ষীত শেহতীয়া নিযুক্তিত এছ আই (ইউ বি) ৰ বাবে ছেবাই ২৪ এপ্ৰিল ২০২২ ত লিখিত পৰীক্ষা ১৫ খন জিলাত অনুষ্ঠিত কৰিছিল। তাৰ পাছত PST আৰু PET চতুৰ্থ এ পি বি এনত ২৭ জুন ২০২২ ৰ পৰা ৪ জুলাই ২০২২ লৈকে অনুষ্ঠিত হৈছিল। এই পৰীক্ষাৰ বাবে মৌখিক পৰীক্ষা চতুৰ্থ অসম আৰক্ষীৰ বেটেলিয়ন কাহিলাপাৰাত ২১ জুলাই আৰু ২২ জুলাইত অনুষ্ঠিত হৈছিল।
নতুনকৈ গঠন কৰা ৫ টা কামাণ্ডো বেটেলিয়নৰ এছ আই(এ বি)ৰ বাবে ২৪ এপ্ৰিল ২০২২ লিখিত পৰীক্ষা, ২৭ জুন ২০২২ ৰ পৰা ৫ জুলাই ২০২২ লৈ PST আৰু PET অনুষ্ঠিত হৈছিল পানীখাইটিত। চাইক্ৰমেট্ৰিক টেষ্ট ৮ আগষ্ট ২০২২ ত চতুৰ্থ অসম আৰক্ষীৰ বেটেলিয়নত অনুষ্ঠিত কৰিছিল।
মুঠ বিজ্ঞাপন কৰি দিয়া ৫২৬২ পদৰ বিপৰীতে ৬২ টা পদ খালী ৰাখি ৫২০০ পদত নিযুক্তিৰ বাচনি প্ৰক্ৰিয়া সম্পন্ন কৰিলে এছ এল পি আৰ বিয়ে। নিৰ্বাচিত প্ৰাৰ্থী সকলৰ ভিতৰত ৪৪৯৩ জন পুৰুষ আৰু ৭০৭ গৰাকী মহিলা।