1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 7:20 am

প্ৰধানমন্ত্ৰীৰ সুৰক্ষাত কিয় ইমান সুৰুঙা? তদন্তৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ…

  • Update Time : Thursday, January 6, 2022

ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰীৰ আধৰুৱা পঞ্জাৱ ভ্ৰমণক লৈ এতিয়া সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। শেহতীয়াকৈ উক্ত প্ৰসংগ হৈ পাইছেগৈ উচ্চতম ন্যায়ালয়ৰ মজিয়া। প্ৰধানমন্ত্ৰীৰ সুৰক্ষাত ইমান সুৰুঙ কিয় সেই সন্দৰ্ভত অচিৰেই তদন্ত কৰি প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে। পঞ্জাৱ চৰকাৰেও উক্ত বিষয়ক লৈ গঠন কৰিছে উচ্চস্তৰীয় তদন্ত কমিটি।

উল্লেখ্য যে, প্ৰধানমন্ত্ৰীৰ সৈতে সংঘটিত হোৱা উক্ত ঘটনাক লৈ বিজেপিয়ে দোষ জাপিছে কংগ্ৰেছৰ ওপৰত। পাকিস্তানৰ সৈতে মিলি এনে ষড়যন্ত্ৰ কৰা বুলি বিজেপিয়ে দোষ জাপি দিয়াৰ বিপৰীতে কংগ্ৰেছে নস্যাৎ কৰিছে এই অভিযোগ। বিজেপিৰ নেতৃত্বই এই অভিযোগো তুলিছে যে, ঘটনা সংঘটিত হোৱাৰ সময়ত পঞ্জাৱৰ মুখ্যমন্ত্ৰী কাৰ্যালয়ে ৰিচিভ কৰা নাছিল ফোন।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme