1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 7:10 am
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

প্লুটো’ত বিজ্ঞানীয়ে আৱিষ্কাৰ কৰিলে এই তথ্য, যি সৌৰজগতৰ আন কোনো গ্ৰহত নাই…

  • Update Time : Wednesday, March 30, 2022

ডিজিটেল ডেস্কঃ সূৰ্যৰ পৰা বহু দূৰত থকাৰ বাবে, প্লুটো গ্ৰহটোৰ বিশষে অধ্যয়ন কৰাটো অতি কঠিন আছিল। কিন্তু সাত বছৰ আগতে নাছাৰ নিউ হৰাইজন মহাকাশযানে প্লুটোৰ বিষয়ে এনে কিছু অনন্য তথ্য প্ৰেৰণ কৰিলে যিয়ে প্ৰমাণ কৰি দেখুৱাইছিল যে প্লুটোৰ বিষয়ে অধ্যয়ন কৰাটো জটিল হ’ব পাৰে কিন্তু অসম্ভৱ নহয়।

প্লুটো হৈছে সৌৰজগতৰ এনে এক গ্ৰহ যাক গ্ৰহৰ শাৰীৰ পৰাই পোনতে আঁতৰ কৰা হৈছিল। কিন্তু বৈজ্ঞানিকসকলে গ্ৰহটোৰ ওপৰত অধ্যয়ন অব্যাহত ৰাখিছে। শেহতীয়াভাৱে চলা এক গৱেষণাত দেখা গৈছে যে প্লুটোৰ ভিতৰত বৰফৰ আগ্নেয়গিৰি দেখা গৈছে। এনে প্ৰকৃতি সৌৰজগতৰ আন কোনো গ্ৰহতে দেখা নাই। প্লুট’ৰ স্পুটনিক প্লেনিটিয়াৰ দক্ষিণ পশ্চিমত তলৰ পৰা ইমান বোকা ওলাই থাকে যে তাত ৭ কিলোমিটাৰ ওখ বৰফৰ পৰ্বত গঠন হয়। এই বিশাল ভূ-গাঁথনিৰ উপস্থিতিয়ে সূচায় যে প্লুটোৰ আভ্যন্তৰীণ গাঁথনি আৰু ইয়াৰ বিৱৰ্তনৰ ফলত ভিতৰত অত্যাধিক তাপ সৃষ্টি হৈছে। যি নিউ হৰাইজন মহাকাশযানে আগতে অনুমান কৰাতকৈ বহু বেছি বিদ্যমান।

অধ্যয়নটোৱে স্পষ্টভাৱে দেখুৱাইছে যে প্লুটোত বৰফৰ দৰে পদাৰ্থ জমা হ’ব পাৰে, কিন্তু ই নিষ্ক্ৰিয় নহয়। দৰাচলতে এই সৰু গ্ৰহটোৱে আমাক ক্ৰিও ভলকেনিজমৰ বিষয়ে বহুকথা ক’ব পাৰে। অৱশ্যে, সৌৰজগতৰ আন ঠাইতো আগ্নেয়গিৰি আছে, কিন্তু প্লুটোৰ বিষয়টো কিছু পৃথক বুলি বিজ্ঞানীসকলে ক’ব খোজে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme