1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2024, 9:15 pm
Trending:
ৰাজ্যসভাত প্ৰথমটো ভাষণতেই দেশবাসীৰ অন্তৰ জিনিলে সাংসদ সুধা মূৰ্তিয়ে আপোনাৰ চকুৰ বিষ বা জ্বলা-পোৰা সমস্যা হৈছে নেকি? আমলখি ব্যৱহাৰ কৰি লাভ কৰক সুফল! উক্ত তাৰিখটোৰ পৰা কেতুৱে ভাগ্য উদয় কৰিব এই তিনি ৰাশিৰ জাতক-জাতিকাক পদিনা খাইনে আপুনি? পদিনাই নাইকিয়া কৰিব আপোনাৰ শৰীৰৰ ভিন্ন সমস্যা! ৰিচাৰ প্ৰশ্নৰ অনুৰাগীয়ে দিলে এনে উত্তৰ, ৰিচা হৈ পৰিল একেবাৰে নিৰুত্তৰ আপুনি বাৰু অপৰাধৰ লগত থকা ঘটনা বেছি চাই বা পঢ়ে নেকি? তেন্তে চাওঁক এই প্ৰতিবেদন এক আচহুৱা ঘটনা! এমাহত ৫বাৰকৈ সাঁপে খঁটাৰ পিছতো বিকাশ জীৱন্ত অৱস্থাত সকলোৰে পৰিচিত ইলাচি শৰীৰৰ বাবে খুবেই উপকাৰিতা আপুনি জানেনে যে ৯০% লোকেই ভুল সময়ত ব্ৰেকফাষ্ট কৰে?

বিৰোধীৰ কথাতকৈ চকুৰে দেখাটো বিশ্বাস কৰি মোক ধন্যবাদ দিয়কঃ মন্ত্ৰী পীয়ুষ হাজৰিকা…

  • Update Time : Monday, August 7, 2023

ডিজিটেল ডেস্কঃ জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকাই সোমবাৰে মৈৰাবাৰীৰ ভজাখাইটী এলেকা পৰিদৰ্শন কৰে। বিগত কেইবাদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত বৃদ্বি পাইছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত ভজাখাইটী এলেকা পৰিদৰ্শন কৰে মন্ত্ৰীগৰাকীয়ে। যিকোনো মুহূৰ্ততে ছিঙিব পাৰে ভজাখাইটীৰ মথাউৰি।

ফলত আতংকত সময় পাৰ কৰিছে নাগৰিকে৷ আজি বানবিধস্ত অঞ্চল পৰিদৰ্শন কৰি ভগ্ন মথাউৰি নিৰ্মানৰ আশ্বাস দিয়ে জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকাই। লগতে উপস্থিত থাকে বিধায়ক আমিনুল ইছলাম। স্থানীয় বিধায়ক আমিনুল ইছলামৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে এলেকাটোৰ ভুক্তভোগী জনসাধাৰণে। বিগত ১৫ দিনৰ গৰাখহনীয়াত নদীত জাহ গৈছে প্ৰায় ২ কিঃমিঃ অঞ্চল।

ৰাইজক ডিচেম্বৰ মাহৰ ভিতৰত মথাউৰিৰ স্থায়ী সমাধানৰ প্ৰতিশ্ৰুতি দিয়ে মন্ত্ৰীগৰাকীয়ে। বিধায়ক আমিনুল ইছলামৰ সন্মুখতে সাংবাদিকে মন্ত্ৰী পীয়ুষ হাজৰিকাক প্ৰশ্ন কৰে যে বিজেপিয়ে সংখ্যালঘূ এলেকাত কাম নকৰে বুলি অভিযোগ আনে বিৰোধীয়ে৷ আপুনি কি ক’ব? সেই সময়তে লাহৰীঘাট, ধিং, ৰহা সমষ্টিত কিমান কৰিছে সেই কামৰ বৰ্ণনা দিয়ে মন্ত্ৰী পীয়ুষ হাজৰিকাই৷ আৰু কয় যে মই মন্ত্ৰী হোৱা দুটা বছৰ হৈছে৷ মোক ধন্যবাদ দিয়ক৷ বিৰোধীয়ে কোৱাটো বিশ্বাস কৰিব নে আপোনালোকে চকুৰে দেখাটাে বিশ্বাস কৰিব৷

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme