1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 1:26 pm
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

মন্ত্ৰী পীয়ুষ হাজৰিকাৰ সকিয়নীঃ এতিয়া আৰু কাম নকৰি অথবা বেয়া কাম কৰি টকা উলিয়াই নিয়াৰ দিন নাই…

  • Update Time : Wednesday, September 28, 2022

ডিজিটেল ডেস্কঃ অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি পুৱাৰ ভাগতে লখিমপুৰ জিলাৰ তেলীয়াপথাৰ ঘনচৰাই অঞ্চলত সোৱণশিৰি নদীৰ খহনীয়াই ভীমপৰা – ন-আলি মথাউৰিৰ ক্ষতি কৰা অঞ্চল পৰিদৰ্শন কৰি বিভাগীয়ভাৱে কৰি থকা কামৰ বুজ লয় । লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা আৰু বিধায়ক মানৱ ডেকাৰ সৈতে মন্ত্ৰী হাজৰীকাই অঞ্চলটো পৰিদৰ্শন কৰি উপস্থিত ৰাইজক খহনীয়াত ক্ষতি হোৱা মথাউৰিটো ৰক্ষা কৰিবলৈ বিভাগীয় ভাৱে সকলো ব্যৱস্থা লোৱা হ’ব বুলি আস্বাস প্ৰদান কৰে ।

আনহাতে উপস্থিত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মন্ত্ৰী গৰাকীয়ে কয় যে অঞ্চলটোত খহনীয়া ৰোধৰ বাবে ইতিমধ্যে ১০ কোটি টকাৰ প্ৰকল্প অনুমোদন হৈছে আৰু প্ৰকল্পৰ প্ৰায় ১০ % কাম শেষো হৈছিল । পৰৱৰ্তী সময়ত নদীত পানীৰ পৰিমাণ বৃদ্ধি হোৱা বাবে স্থায়ী প্ৰতিৰোধৰ কাম বন্ধ ৰাখি জৰুৰী মেৰামতিৰ কাম চলাই থকা হৈছে বুলি মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে ।

মন্ত্ৰী গৰাকীয়ে কয় যে পানীৰ পৰিমাণ বেছি হৈ থাকিলে স্থায়ী প্ৰতিৰোধৰ কাম কৰিলে কামৰ মান ভাল নহয় আৰু পুঁজি নষ্ট হোৱাৰহে আশংকা থাকে, ফলত পানীৰ পৰিমাণ বেছি হোৱাৰ লগে লগে স্থায়ী কাম বন্ধ ৰাখি জৰুৰীভাৱে খহনীয়া ৰোধৰ কাম কৰি থকা হৈছে । আনহাতে নদীৰ পানী কমি যোৱাৰ লগে লগে অঞ্চলটোত স্থায়ী খহনীয়া ৰোধৰ কাম পুনৰ আৰম্ভ কৰা হ’ব বুলি মন্ত্ৰী হাজৰীকাই উল্লেখ কৰে ।

আজিৰ মথাউৰি পৰিদৰ্শনৰ সময়ত সাংবাদিকে মথাউৰি মেৰামতিৰ কামৰ মানৰ ওপৰত প্ৰশ্ন কৰাত মন্ত্ৰী গৰাকীয়ে কয় যে এতিয়া আৰু কাম নকৰি বা কাম বেয়াকে কৰি টকা উলিওৱাৰ দিন নাই । বাৰিষাৰ সময়ত জৰুৰীভাৱে মথাউৰিৰ মেৰামতি কৰা কামবোৰ সাধাৰণতে অস্থায়ী প্ৰকৃতিৰ হয় আৰু ই দীৰ্ঘদিনৰ বাবে ফলপ্ৰসূ নহয় বুলি উল্লেখ কৰি মন্ত্ৰী হাজৰীকাই কয় যে এই অস্থায়ী কামবোৰক খৰালি দিনত কৰা স্থায়ী কামৰ সৈতে তুলনা কৰাতো যুগুত নহয় ।

আনহাতে ঘনচৰাইত সোৱণশিৰিৰ মথাউৰিটো খহনীয়াৰ পৰা ৰক্ষা কৰিবলৈ জলসম্পদ বিভাগৰ অভিযন্তা কৰ্মচাৰীসকলে যথেষ্ট প্ৰয়াস কৰি থকাৰ কথা উল্লেখ কৰি মথাউৰি ৰক্ষা কৰিবলৈ সক্ষম হ’ব বুলি বিশ্বাস কৰাৰ কথা মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে ।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme