1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 7:36 am

মহানুভৱতাঃ মন্ত্ৰী পীয়ুষ হাজৰিকাক এই কামৰ বাবে আপুনি ধন্যবাদ নিদি নোৱাৰিব…

  • Update Time : Sunday, February 5, 2023

ডিজিটেল ডেস্কঃ অসমৰ ডিমা হাচাও জিলাৰ পৰা বাংগালুৰুলৈ চিকিৎসাৰ বাবে যোৱা সত্তৰোৰ্দ্ধৰ ব্যক্তি এগৰাকীয়ে যোৱা বৃহস্পতিবাৰে বিমানত উঠাৰ সময়তে হৃদযন্ত্ৰৰ ক্ৰীড়া বন্ধ হৈ মৃত্যু বৰণ কৰিছিল | গৃহ ৰাজ্যৰ পৰা দূৰৈত বাংগালুৰু বিমানবন্দৰত ধন বাহাদুৰ সোনাৰ নামৰ প্ৰয়াত ব্যক্তিগৰাকীৰ মৃতদেহ লৈ তেখেতৰ পৰিয়ালবৰ্গ আবদ্ধ হৈ পৰিছিল |

বিমান বন্দৰৰ আনুষ্ঠানিকতা আৰু আন আৱেগিক সমস্যাৰে পৰিয়ালৰ আন সদস্যসকল ভাড়াক্ৰান্ত হৈ পৰাত প্ৰয়াত ব্যক্তিগৰাকীৰ সাংবাদিক পুত্ৰ গৌৰৱ সোনাৰে অসম চৰকাৰৰ জনসংযোগ মন্ত্ৰী পীযুষ হাজৰীকাৰ কাৰ্যালয়ৰ সৈতে সহায়ৰ বাবে যোগাযোগ কৰিছিল |

সাংবাদিক গৌৰৱ সোনাৰৰ পিতৃৰ আকস্মিক মৃত্যুৰ খবৰ পাই মন্ত্ৰী হাজৰীকাই গভীৰ শোক প্ৰকাশ কৰাৰ লগতে বিপদত পৰা পৰিয়ালটোক সহায় আগবঢ়োৱাৰ বাবে আগবাঢ়ি আহে আৰু বিষয়টো দিছপুৰৰ মুখ্যমন্ত্ৰী কাৰ্যালয়ত অৱগত কৰে | মন্ত্ৰী হাজৰীকাৰ পৰা বিষয়টো অৱগত হৈ মুখ্যমন্ত্ৰী কাৰ্যালয়ে ক্ষীপ্ৰতাৰে বাংগালুৰু বিমানবন্দৰত আৱদ্ধ প্ৰয়াত ব্যক্তিগৰাকীৰ পৰিয়ালৰ সৈতে যোগাযোগ কৰে আৰু শৱদেহ ঘৰলৈ ঘূৰাই অনাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়ায় |

মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ সহযোগিতাত যোৱা শুকুৰবাৰৰ সন্ধিয়া প্ৰয়াত ধন বাহাদুৰ সোনাৰৰ শৱদেহ বিমানযোগে শিলচৰলৈ লৈ অনা হয় আৰু শিলচৰৰ পৰা এম্বুলেন্চৰ সহায়েৰে হাফলঙলৈ লৈ অনা হয় | কম সময়ৰ ভিতৰতে আনুষ্ঠানিকতা সম্পূৰ্ণ কৰি বাংগালুৰুৰ পৰা শৱদেহ ঘৰলৈ ঘূৰাই আনিবলৈ সক্ষম হোৱা প্ৰয়াত ব্যক্তিগৰাকীৰ পৰিয়ালে জনসংযোগ মন্ত্ৰী পীযুষ হাজৰীকা আৰু মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ তৎপৰতাৰ বাবে ৰাজ্য চৰকাৰক কৃতজ্ঞতা জ্ঞাপন কৰে |

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme