ডিজিটেল ডেস্কঃ ২৬জানুৱাৰীৰ পুৱাই প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভুপেন বৰাই সংবাদ মাধ্যমযোগে এটা কবিতা গালে। কবিতাটোৰ নাম আছিল- মই ফায়াৰ ব্ৰিগ্ৰেড। কবিতাটোক লৈ দিনজোৰা ব্যাপক ক্ৰিয়া-প্ৰতিক্ৰিয়া হোৱাৰ পাছতে সন্ধিয়াভাগলৈ উক্ত কবিতাটোক লৈ কটাক্ষ কৰিলে মন্ত্ৰী পিয়ুষ হাজৰিকাই। ভুপেন বৰাৰ কবিতাটোক লৈ মন্ত্ৰীগৰাকীয়ে কলে- ভুপেন বৰা গৈছে পানী নথকা ফায়াৰ ব্ৰিগ্ৰেড। তেওঁৰ ফায়াৰ ব্ৰিগেডত পানী থাকিলেহে জুই নুমুৱাব।”
মন্ত্ৰীগৰাকীয়ে পুনৰ বৰাক কটাক্ষ কৰি কয়- বৰাই আজিকালি নতুন পেছা আৰম্ভ কৰিছে, কবিতা লিখা। তিনিটা নিৰ্বাচনত তেওঁ ক্ৰমান্বয়ে হাৰিছে। ভূপেন বৰা এজন ফেইলড পলিটিচিয়ান। গতিকে তেঁও নতুন পেছা এটা লৈছে কবিতা লিখা কাম। ভূপেন বৰাৰ নতুন পেছাক মই শুভেচ্ছা জনাইছোঁ।”
উল্লেখ কৰা প্ৰয়োজন যে, এনকাউন্টাৰ বিষয়ক লৈ মুখ্যমন্ত্ৰীৰ আওপকীয়াকৈ কটাক্ষ কৰি ভুুপেন বৰাই লিখিছিল এই বিশেষ কবিতাটো। প্ৰায় ২৪টা শাৰীৰ কবিতাটোক ছচিয়েল মিডিয়াত চৰ্চা হোৱাও পৰিলক্ষিত হৈছে।