ডিজিটেল ডেস্কঃ গুৱাহাটীত বন্ধ হ’ল ২১খন গুলপীয়া ASTC বাছ। ‘ভ্ৰমণ সাৰথি’ আঁচনিৰ অন্তৰ্ভুক্ত আছিল এই বাছসমূহ।
মহিলা, জ্যেষ্ঠ নাগৰিকৰ বাবে ASTC-এ চলাইছিল পিংক বাছসমূহ। যাত্ৰীয়ে ব্যৱহাৰ নকৰাৰ বাবেই ২১খন বাছ প্ৰত্যাহাৰৰ সিদ্ধান্ত লৈছে ASTC-ৰ। এতিয়াৰে পৰা কেৱল ৪ খন গুলপীয়া বাছ চলিব মহানগৰীত। এই চাৰিখন বাছ খানাপাৰা-জালুকবাৰী, বোন্দা-জালুকবাৰীলৈ চলিব।