1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 7:25 am

PIA জাৰি কৰিলে বিশেষ নিৰ্দেশনা

  • Update Time : Sunday, March 17, 2024

আৰম্ভ হ’ল পবিত্ৰ ৰমজান মাহ। ৰমজান মাহ আৰম্ভ হোৱাৰ লগে লগে প্ৰতিগৰাকী ইছলাম ধৰ্মাৱলম্বী লোকৰ মাজত আৰম্ভ হ’ল ৰোজা ৰখাৰ পৰ্ব। কিন্তু এই ৰোজা ৰখা সন্দৰ্ভত পাকিস্তানৰ ৰাষ্ট্ৰীয় পৰিবহন সংস্থাই দিলে এক বিশেষ নিৰ্দেশনা, যি নিৰ্দেশনা কেৱল প্ৰযোজ্য হ’ব বিমানৰ পাইলট আৰু ক্ৰু’ মেম্বাৰসকলৰ বাবে। PIA সদৰী কৰা তথ্য অনুসৰি এতিয়াৰ পৰা কৰ্তব্যৰত অৱস্থাত থকা বিমানৰ পাইলট আৰু ক্ৰু’ মেম্বাৰসকলে ৰোজা ৰাখিব নালাগে। চিকিত্সকৰ পৰামৰ্শৰ উদ্ধৃতি দি PIA-য়ে মন্তব্য কৰে যে ৰোজা ৰাখিলে এজন ব্যক্তিৰ পানীলগা, এলাহ, টোপনি অহাৰ দৰে বহু সমস্যাৰ সন্মুখীন হ’ব লাগে। কৰ্পৰেট ছেফটি মেনেজমেণ্ট আৰু ক্ৰু’ মেডিকেল চেণ্টাৰ দুটাই পৰামৰ্শ প্ৰদান কৰিছে যে পাকিস্তান আন্তঃৰাষ্ট্ৰীয় বিমান সংস্থাৰ পাইলট আৰু ক্ৰু’ মেম্বাৰসকলে কৰ্তব্যৰত অৱস্থাত থকা সময়ত উপবাসে থাকিব নালাগে। ২০২০ চনৰ মে মাহত কৰাচী বিমানবন্দৰৰ এখন আৱাসিক অঞ্চলত এখন বিমান দুৰ্ঘটনাগ্ৰস্ত হৈছিল। এই ঘটনা সন্দৰ্ভত ফেব্ৰুৱাৰী মাহত বিমান তদন্ত ব’ৰ্ডে এখন প্ৰতিবেদন দাখিল কৰে। প্ৰতিবেদন অনুসৰি মানৱীয় ভুলৰ বাবে এই দুৰ্ঘটনা সংঘটিত হৈছে তেওঁলোকে সদৰী কৰিছে। সেয়েহে PIA আৰু বিমান অসামৰিক কৰ্তৃপক্ষই কৰ্তব্যৰত অৱস্থাত পাইলটসকলক ৰমজান মাহত উপবাস কৰিব লাগে নে নাই সেই সম্পৰ্কেও নিয়ম নথকাৰ বাবে জগৰীয়া কৰিছে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme