ডিজিটেল ডেস্কঃ চৰকাৰী তেল প্ৰতিষ্ঠানসমূহেে ৯জুলাইৰ ইন্ধনৰ মূল্যক লৈ শেহতীয়া তালিকা প্ৰকাশ কৰিছে। গ্ৰাহকসকলক সকাহ প্ৰদান কৰি পেট্ৰল-ডিজেলৰ মূল্য ধাৰাবাহিকভাৱে ৪৯দিন ধৰি স্থিৰাৱস্থাতে থাকিল।
উল্লেখ কৰা প্ৰয়োজন যে, ৰন্ধন গেছৰ দাম ৫০টকা বৃদ্ধি পোৱাৰ লগে লগে ধাৰণা কৰা হৈছিল যে, এইকেইটা দিনতে পেট্ৰল-ডিজেলৰো দাম বৃদ্ধি পাব, কিন্তু সেয়া নহল।
২১মেৰ পৰা পেট্ৰল আৰু ডিজেলৰ মূল্য হ্ৰাস হোৱাৰ পৰা আজিলৈকে বৃদ্ধি হোৱা নাই মূল্য। উল্লেখ কৰা প্ৰয়োজন যে, ২১মেত একলিটাৰ পেট্ৰলত ৯.৫০টকা আৰু ডিজেল প্ৰতি লিটাৰত ৭টকাকৈ হ্ৰাস পাইছিল। কেন্দ্ৰ চৰকাৰৰ এই সিদ্ধান্তৰ পাছত কেইবাখনো ৰাজ্যই হ্ৰাস কৰিছিল ভেট। অসমো ইয়াৰ ব্যতিক্ৰম নাছিল।