ডিজিটেল ডেস্কঃ বিগত ১৬ দিনত সমগ্ৰ ভাৰতবৰ্ষতে বৃদ্ধি পাইছে পেট্ৰল-ডিজেলৰ দাম। পূৰ্বতকৈ ১৪ গুণ বৃদ্ধি হৈছে পেট্ৰল-ডিজেলৰ দাম। বৰ্ধিত দামক লৈ দেশত বহু স্থানৰ প্ৰতিবাদতো নামি পৰিছে জনতা। তাৰ মাজতেই এই বৰ্ধিত দাম কিছু পৰিমানে হ’লেও কমাবৰ বাবে আহিছে বিশেষ মোবাইল এপ। এই এপৰ জৰিয়তে আপুনি চলিত দামতকৈ কিছু কম টকাতেই ভৰাব পাৰিব পেট্ৰল-ডিজেল।
এপকেইটাৰ ভিতৰত প্ৰথমেই আছে Fuel@IOC App, ইণ্ডিয়ান অইলে মুকলি কৰিছে এই বিশেষ এপটো। এই এপৰ জৰিয়তে পেট্ৰল-ডিজেলৰ দাম ক’ত কিমান চলি আছে সকলো পৰীক্ষা কৰিব পাৰে। এপটো ডাউনলড কৰাৰ পিছতেই নিজা একাউণ্ট খুলিব লাগিব। এপটোৰ জৰিয়তে আশে-পাশে ক’ত পেট্ৰল পাম্প আছে সেই কথাও জানিব পাৰিব।
কম দামত ক’ত পেট্ৰল-ডিজেল পোৱা যাব সেই কথাও এপটোৰ পৰাই জানিব পাৰি। দ্বিতীয়তে MapMyFuel App নামৰ এপটো। এই এপৰ জৰিয়তে পেট্ৰল-ডিজেলৰ লগতে CNG-গেছৰ দামো জানিব পাৰে। IOCL, HPCL, BPCL, Reliance Petroleum, Essar Petroleum আৰু Shell Indiaইণ্ডিয়াৰ পাম্পসমূহৰ বিষয়ে সবিশেষ জানিব পাৰে। কোনটো পেট্ৰল পাম্পত কিমান টকা দাম তাৰ সবিশেষো জানিব পাৰিব।
SmartDrive App-ৰ জৰিয়তেও আপুনি আশে-পাশে কি কি পেট্ৰল পাম্প আছে সেই বিষয়ে জানিব পাৰিব। কোনটো পাম্পৰ পৰা কম টকাত পেট্ৰল-ডিজেল ল’ব পাৰে সেই বিষয়েও জানিব পাৰে। ইয়াৰোপৰি Daily Petrol/Diesel Price App-টোৰ জৰিয়তেও জানিব পাৰিব।