সঘনাই পেটৰ বিষ হয় নেকি? ঘৰতে খাই থাকক এইকেইটা বস্তু…
-
Update Time :
Thursday, June 16, 2022
ডিজিটেল ডেস্কঃ সঘনাই পেটৰ বিষ হয় নেকি! যদিহে হয়, তেন্তে ঘৰতে লব পাৰে এইকেইবিধ বিধান-
- শিলিখা দুটামান ঘিউত ভাজি লওক।এই শিলিখা গুৰি কৰি খুন্দি লওক।এই গুৰিৰ দুই চিকুট মুখত লৈ গৰম পানী একাপ খাওক।পেটৰ বায়ু নিৰ্গত হোৱাৰ পিছত বিষ উপশম হ’ব।
- আদাৰ ৰস এচামুচ সামান্য পৰিমাণে মৌ মিহলাই চেলেকি খাই থাকিলে যিকোনো ধৰণৰ পেটৰ বিষ ভাল হয়।
- দুচামুচ নেমুৰ ৰসৰ লগত এচিকুট ক’লা নিমখ,জালুকৰ গুৰি আৰু ঘৰতে গুৰি কৰি লোৱা জিৰা আধা চামুচকৈ মিহলাই অকণ কণকৈ খাই থাকিলে পেটৰ বিষ আৰোগ্য হয়।
- আধা চামুচ জিৰা বটি গুৰি কৰি লওক।তাৰ লগত বিশুদ্ধ মৌ জোল মিহলাই লাহে লাহে চেলেকি খাওক।
- এচামুচ যনি (আজোৱান)এচিকুট হিং আৰু দুই চিকুট ক’লা নিমখ একেলগে মিহলাই চোবাই খাওক।পিছত একাপ গৰম পানী খাওক।পেটৰ গেছজনিত বিষ ত্ৎক্ষণাত ভাল পাব।
- শুকুৱাই থোৱা পদিনাৰ পাত গুৰি কৰি পানীত গুলি তাৰ লগত সামান্য চেনি আৰু এক চিকুট নিমখ মিহলাই খাওক।পেটৰ বিষ উপশম হ’ব।
- দালচেনি আৰু সামান্য হিং মিহলাই গুৰি কৰি লওক।এই গুৰি একাপ পানীত গুলি খাওক।
- আধা চিকুট বটি লোৱা শুকান জলকীয়া,সামান্য গুড়ৰ লগত মিহলাই খালে পেটৰ বিষ ভাল হয়।
- আধা চামুচ জিৰা শুকান তাৱাত ভাজি লওক।সেই জিৰা মিহিকৈ বটি লৈ তাৰ লগত মৌ মিহলাই খাওক।
- চফ গুটি আৰু সৈন্ধৱ লৱণ মিহলাই খালেও পেটৰ বিষ ভাল হয়।
- এচামুচ তুলসীৰ ৰস আৰু এচামুচ আদাৰ ৰস গৰম কৰি খালে পেটৰ বিষ উপশম হয়।
- মধুৰীআমৰ কুমলীয়া পাত পাচঁটা ভালদৰে ধুই পটাত বটি লৈ পানীত মিহলাই খালেও পেটৰ বিষ ভাল হয়।
- আধা চামুচ নহৰুৰ ৰস লৈ তাৰ লগত এচিকুট ক’লা নিমখ মিহলাই লওক।এই ৰস অকণ অকণকৈ চেলেকি খাই থাকিলেও পেটৰ বিষ ভাল হয়।
- মুলাৰ দুচামুচ ৰস,চাৰিটা জালুকৰ গুৰি আৰু সামান্য নিমখ মিহলাই খাওক।
- বেয়া উগাৰ আহি থাকিলে পিয়াঁজৰ এচামুচ ৰসৰ লগত জালুকৰ গুৰি মিহলাই খাওক।
- যনিৰ গুৰি পানীৰ লগত মিহলাই পেটৰ ওপৰত লাহে লাহে সানি মালিচ কৰিলে পেটত জমা হৈ থকা বায়ু নিৰ্গত হয় আৰু পেট উখহা বা পেটৰ বিষ ভাল হয়।
- পকা জামুৰ চৰবৎ খালে পেটৰ বিষ বন্ধ হয়।
- এচিকুট লৰ গুৰি পানীত গুলি খালে গেছ নিৰ্গত হয় আৰু পেটৰ বিষ ভাল হয়।
🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক
More News Of This Category