ডিজিটেল ডেস্কঃ ৰেলৱে ষ্টেচনসমূহৰ ৰেল বিভাগে ফ্ৰী ৱাইফাইৰ ব্যৱস্থা কৰিছে৷ যাত্ৰীৰ সুবিধাৰ বাবে দিয়া এই ৱাইফাই যা্তৰীয়ে সঠিকৰূপত ব্যৱহাৰ কৰেনে? শুনিলেই আচৰিত হ’ব যদিও ৱাইফাইৰে ভাৰতৰ প্ৰায় যাত্ৰীয়ে কৰা কাৰ্যকলাপ শুনিলে আচৰিত হ’ব আপুনিও৷ ৱাইফাই ব্যৱহাৰেৰে সৰ্বাধিক ৰে’লযাত্ৰীয়েই নীলা ছবিহে ডাউনলোড কৰে৷
ৰেল ৱাৰ নামেৰে চলি থকা এই ৱাইফাই ব্যৱস্থাৰে প্ৰায় যাত্ৰীয়েই নীলা ছবি ডাউনলোড কৰাৰ তথ্য পোহৰলৈ আহিছে৷ দেশৰ মধ্য-দক্ষিণৰ ৰেল ষ্টেচনসমূহত এইধৰণৰ ছবি সৰ্বাধিক ডাউনলোড হয় বুলি একি বিশেষ গৱেষণাত পোহৰলৈ আহিছে৷ ষ্টেচনসমূহৰ ভিতৰত ছেকেন্দ্ৰাবাদ, হায়দৰাবাদ, বিজয়াৰা আৰু তিৰুপতি ষ্টেচনত এনেধৰণৰ কাৰ্যকলাপ সৰ্বাধিক বুলি ৰেল বিভাগে কৰা সমীক্ষাত পোহৰলৈ আহিছে৷
সমীক্ষাত পোহৰলৈ অহা অনুসৰি নীলা ছবি ডাউনলোডত ছেকেন্দ্ৰাবাদ ৰেল ষ্টেচনেই প্ৰথম৷ দ্বিতীয় স্থানত আছে হায়দৰাবাদ আৰু তৃতীয়তে আছে বিজয়য়াৰা ষ্টেচন৷ এই ষ্টেচনসমূহত ৩৫ শতাংশই ব্যৱহাৰ হৈছে এই ছবি ডাউনলোডত৷