ডিজিটেল ডেস্কঃ অবিবাহিত সকলৰ বাবে এটা ভাল খবৰ। এতিয়াৰে পৰা অবিবাহিতসকলে লাভ কৰিব পেঞ্চন। শুনাত আচৰিত যেন লাগিলেও এই কথা মিছা নহয়। হাৰিয়ানা চৰকাৰে ৰাজ্যৰ ৪৫ৰ পৰা ৬০ বছৰ বয়সৰ অবিবাহিতসকলক পেঞ্চন দিয়াৰ পৰিকল্পনা কৰিছে। যাৰ ফলত অবিবাহিত হ’লেও এই বয়সৰ লোকে এক ডাঙৰ সুবিধা পাব।
এক মাহৰ ভিতৰত এই বিষয়ত সিদ্ধান্ত গ্ৰহণ কৰা হ’ব পাৰে। হাৰিয়ানা চৰকাৰৰ সূত্ৰ মতে, ৬০ বছৰৰ অবিবাহিতসকলক পেঞ্চন দিয়াৰ পৰিকল্পনা লোৱা হৈছে। শীঘ্ৰে এই আঁচনি আৰম্ভ হ’ব পাৰে। কিন্তু যিসকলৰ বাৰ্ষিক আয় ১.৮০ লাখ টকাৰ কম, সেইসকলেহে এই সুবিধা লাভ কৰিব। এই আঁচনি কাৰ্যকৰী হোৱাৰ পিছত ৰাজ্যখনৰ প্ৰায় ১.২৫ লাখ লোক উপকৃত হ’ব। হাৰিয়ানাত ইতিমধ্যে জনসাধাৰণডক বৃদ্ধ পেঞ্চন, বিধৱা পেঞ্চন আৰু প্ৰতিবন্ধী পেঞ্চনৰ সুবিধা দিয়া হয়। নিৰ্বাচনৰ পূৰ্বে এই ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে হাৰিয়ানা চৰকাৰে।