1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 6, 2025, 2:58 am
Trending:
আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов تجربة المستخدم في 1xbet مجانا: سهولة الاستخدام والربح السريع كيفية تحميل تطبيق 1xbet بأمان وسرعة على الهاتف الذكي Understanding Mostbet এর কাজ কি: A New Full Explained On-line Betting Мостбет Вход ️ в Личный Кабинет Mostbet Войти На официальную Платформу Step-by-step Guide: কিভাবে Mostbet থেকে টাকা তুলব Securely Locaminas Locação Relacionada Veículos Corporación Bíblica Los Apóstoles”

আঁচল নাম কিঃ দুভৰিৰে বিশ্বক যাদু দেখাই থৈ যোৱা পেলেৰ ১৭টা নজনা কথা…

  • Update Time : Friday, December 30, 2022

ডিজিটেল ডেস্কঃ ফুটবলৰ কিংবদন্তি পেলে আৰু নাই। ৮২বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে মহান ফুটবলাৰ গৰাকীয়ে। যদিও পেলেক আমি সকলোৱে জানো। কিন্তু তেখেতৰ ব্যক্তিগত জীৱনৰ সন্দৰ্ভত আমি বহুতেই নাজানো।

১. পেলেৰ আচঁল নাম- এড্‌ছন আৰাণ্টিছ ড’ নাচিমেণ্ট’ (Edson Arantes do Nascimento) বা Pelé । জন্মৰ প্ৰমাণপত্ৰত নামটো “এডিছন” বুলি দিয়া হৈছিল।

২. তেখেতৰ জন্ম ২১ অক্টোবৰ ১৯৪০চনত হৈছিল। কিন্তু পেলেৰ মতে তেওঁৰ জন্ম ২৩ অক্টোবৰতহে হৈছিল।

৩. ব্ৰাজিলৰ হৈ তেওঁ ফুটবলৰ কেৰিয়াৰ আৰম্ভ কৰিছিলষ ১৯৯৯ চনত International Federation of Football History & Statistics সংস্থাই তেওঁক শতিকাৰ বিশ্ব খেলুৱৈ (World Player of the Century) উপাধি প্ৰদান কৰে পেলেক।

৪. একে বছৰতে প্ৰভাৱশালী France Football আলোচনীয়ে পূৰ্বৰ বেলন ডিঅ’ৰ বিজয়ীসকলক শতিকাৰ শ্ৰেষ্ঠ ফুটবল খেলুৱৈ বাছনি কৰিবলৈ অনুৰোধ কৰে। পেলে‌ই ইয়াত প্ৰথম স্থান দখল কৰে।

৫. ১৯৯৯ চনত আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সমিতিয়ে পেলেক “শতিকাৰ এথলীট” আখ্যা দিয়ে আৰু তেওঁ টাইম (আলোচনী)ৰ বিংশ শতিকাৰ ১০০ জন প্ৰভাৱশালী ব্যক্তিৰ তালিকাতো স্থান পায়।

৬. ২০১৩ চনত তেওঁ কেৰিয়াৰ আৰু সফলতাৰ বাবে ফিফা বেলন ডিঅ’ৰ সন্মান লাভ কৰে।

৭. IFFHS-ৰ মতে ৫৪১টা লীগ গ’লেৰে পেলে বিশ্বৰ সকলোতকৈ সফল লীগ গ’ল স্ক’ৰাৰ। পেলে‌ই মুঠ ১৩৬৩ খন খেলত ১২৮১টা গ’ল কৰিছিল যাৰ বাবে গিনিজ বিশ্ব ৰেকৰ্ডৰ তৰফৰ পৰা ফুটবলৰ সৰ্বোচ্চ কেৰিয়াৰ গ’ল দিওঁতা হিচাপে তেওঁক সন্মান জনোৱা হয়।

৮. খেলুৱৈ কালত কিছু সময়ৰ বাবে পেলে পৃথিৱীৰ সৰ্বাধিক প্ৰাৰিশ্ৰমিক লাভ কৰা এথলীট আছিল।

৯. ফুটবলত লাভ কৰা সফলতাৰ বাবে আৰু দুখীয়াৰ সামাজিক অৱস্থা উন্নত কৰিবলৈ তেওঁৰ সমৰ্থনৰ বাবে ব্ৰাজিলত তেওঁক ৰাষ্ট্ৰীয় নায়কৰূপে গণ্য কৰা হয়।

১০. ১৯৬১ চনত ৰাষ্ট্ৰপতি জেনিঅ’ কোৱাড্ৰ’ছে পেলেক “ৰাষ্ট্ৰীয় সম্পদ” বুলি ঘোষণা কৰিছিল।

১১. কেৰিয়াৰৰ সময়ছোৱাত পেলে “ক’লা মুকুতা” (The Black Pearl/Pérola Negra), “ফুটবলৰ ৰজা” (The King of Football/O Rei do Futebol), “ৰজা পেলে” (The King Pelé/O Rei Pelé) বা “ৰজা” (O Rei) নামেৰে প্ৰসিদ্ধ আছিল।

১২. পেলে‌ই ছেণ্ট’ছ ক্লাবৰ হৈ ১৫ বছৰ আৰু ব্ৰাজিল ৰাষ্ট্ৰীয় ফুটবল দলৰ হৈ ১৬ বছৰ বয়সত খেলা আৰম্ভ কৰিছিল।

১৩. তেওঁ ১৯৫৮, ১৯৬২ আৰু ১৯৭০ চনত তিনিটা ফিফা বিশ্বকাপ লাভ কৰিছিল। এনে সফলতা পোৱা তেওঁ বিশ্বৰ একমাত্ৰ খেলুৱৈ। জাতীয় দলৰ তেওঁ সৰ্বকালৰ শ্ৰেষ্ঠ গ’লস্ক’ৰাৰো।

১৪. ছেণ্ট’ছ দলৰ হৈও তেওঁ অভিলেখ সংখ্যক গ’ল দিছিল আৰু ১৯৬২ আৰু ১৯৬৩ দলটোৱে ক’পা লিবাৰ্টাড’ৰ্ছ খিতাপ দখলত সহায় কৰিছিল।

১৫. পেলেৰ তড়িৎ গতিৰ খেল আৰু দৃষ্টিনন্দন গ’লে তেওঁক পৃথিৱীৰ সকলো ঠাইতে তাৰকা কৰি তুলিছিল। তেওঁৰ জনপ্ৰিয়তাৰ সুযোগ লৈ ছেণ্ট’ছ দলে প্ৰায়েই আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণ কৰি বিভিন্ন খেলত অংশ লৈছিল।

১৬. ১৯৭৭ চনত তেওঁ ফুটবলৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পিছত পেলেই বিশ্বজুৰি ফুটবলৰ ৰাজ-দূত (ambassador) হিচাপে কাম কৰি আহিছিল আৰু বিভিন্ন অভিনয় আৰু বাণিজ্যিক কামত হাত দিছিল।

১৭. ২০১০ চনত তেওঁক নিউ য়ৰ্ক ক’ছম’ছ দলৰ সন্মানীয় সভাপতি নিৰ্বাচিত কৰা হৈছিল।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme