ডিজিটেল ডেস্কঃ আৰ্টিষ্টক চাব যোৱা বিহু অসমত বহুত হ’ল৷ এইয়া বিহুৰ পৰম্পৰা নহয়৷ বিহুক জীয়াই ৰাখিবলৈ অসমীয়াই নিজৰ স্বভাৱো সলনি কৰিব লাগিব৷ বিহুৰ ক্ষেত্ৰত অহা ফাংচনৰ পৰম্পৰাক শেষ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে জনাইছে বিশেষ আহ্বান৷ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৰাজ্যৰ ১২৬২ খন বিহু সমিতিক আৰ্থিক সাহায্য প্ৰদান অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰিছে৷
১০ বছৰ ধৰি সাত বিহুৰ মাজতেই ৰঙালী বিহু উৎযাপন কৰা বিহু সন্মিলনীসমূহক ডেৰ লাখ টকাকৈ অৰ্থ সাহায্য প্ৰদান কৰিছে ৰাজ্য চৰকাৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰ্থিক বৰঙণিৰ চেক প্ৰদান কৰে বিহু সমিতিসমূহক৷ লগতে বিহু কমিটিসমূহলৈও বিহু পতাৰ আগতে বিহুৰ যি স্বকীয়তা সেই স্বকীয়তা অক্ষুণ্ন ৰাখিহে বিহু অনুষ্ঠিত কৰিব লাগে বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্যত প্ৰকাশ কৰিছে৷
ইপিনে বিহু পতাৰ ১৫ দিন আগৰে পৰা বিহু কমিটিসমূহে আখৰাৰ এক কাৰ্যসূচীও ৰাখিব লাগে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে৷ ইয়াৰোপৰি প্ৰত্যেক বিহু কমিটিকে একোটাকৈ বিহুৱা দল গঠনৰো পৰামৰ্শ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে৷ কিয়নো বিহু মঞ্চলৈ গতি কৰাৰ পিছৰে পৰাই বিশেষকৈ গুৱাহাটী মহানগৰীত হুচৰিৰ পৰম্পৰা নোহোৱাই হৈছে৷ হুচৰি জুৰিবলৈকো উজনিৰ পৰা হুচৰি দল আনিব লগা হোৱাটো আমাৰ দুৰ্ভাগ্য৷ কিয়নো অসমৰ ভিতৰতেই যদি বিহু হেৰাই তেন্তে আমি অসমবাসী হিচাপে সেই কথাত লাজ পাব লাগে৷
বিহুৰ আখৰা যদি প্ৰত্যেকখন বিহু কমিটিয়েই কৰা আৰম্ভ কৰে তেন্তে ৰাজ্যৰে বহু যুৱক-যুৱতীয়ে সৰুকৈ হ’লেও এটা কৰ্মসংস্থাপন লাভ কৰিব৷ ভূপেন হাজৰিকাৰ গীতেৰে ভাষণ আৰম্ভ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, ‘ ‘বিহু সমিতিসমূহে অতিথি আপ্যায়নত ৰসগোল্লা দিয়াতকৈ লাডু-পিঠাৰ দিব লাগে৷ বিহুত পাৱাৰলুমৰ গামোছা ব্যৱহাৰক লৈয়ো মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ, ‘পাৱালুমৰ গামোছা কেতিয়াও বিহুৱান হ’ব নোৱাৰে৷ মোক বহু ঠাইত গামোছা দিয়ে, মই গামোছাখন দিওঁতেই সদায় এটা কথাই মন কৰো যে গামোছাখন হাতে বোৱা হয়নে নহয়৷ বেছিভাগেই পাৱাৰলুমৰ গামোছা দিয়ে৷ পাৱাৰলুমৰ গামোছা কেতিয়াও বিহুৱান হ’ব নোৱাৰে৷ অসমীয়াই হাতে বোৱা গামোছাখনহে বিহুৱান৷ পাৰিলে সেই গামোছাৰেহে অতিথিক সম্বৰ্ধনা জনাওক৷ ’
উল্লেখ্য যে, অনুষ্ঠানত গুৱাহাটী বিহু সন্মিলনী, পূব গুৱাহাটী বিহু সন্মিলনী, চান্দমাৰী, পশ্চিম গুৱাহাটী বিহু সন্মিলনী, বাইহাটা চাৰিআলি কেন্দ্ৰীয় বিহু সন্মিলনী, ভূৰাপাৰা ৰঙালী বিহু উৎযাপন সমিতিয়ে মুখ্যমন্ত্ৰীৰ পৰা গ্ৰহণ কৰিছে আগবঢ়োৱা চেক৷