1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 7:36 am

পাঠানত অভিনয়ৰ বাবে শ্বাহৰুখ, দিপিকা আৰু জন আব্ৰাহমে কিমান টকা লৈছে, জানি লওক…

  • Update Time : Friday, January 27, 2023

ডিজিটেল ডেস্কঃ ইতিমধ্যে ছুপাৰ হিট ছবি হিচাপে বিবেচিত হৈছে পাঠান। ছবিখনে বিগত দুটা দিনত ৩০০কোটিৰো অধিক টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। সমগ্ৰ বিশ্বত ছবিখনে এই ধনৰাশি উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। ২৭৫কোটি টকাৰ বাজেটত নিৰ্মাণ হোৱা এই ছবিখনত অভিনয়ৰ বাবেও অভিনেতা-অভিনেত্ৰীসকলে বিশাল পৰিমাণৰ ধনৰাশি মাননি হিচাপে লৈছে। প্ৰাপ্ত তথ্য অনুসৰি, এই চবিখনত অভিনয়ৰ বাবে শ্বাহৰুখ খানে ৯০কোটিৰো অধিক টকাৰ লগতে জন আব্ৰাহমে ১০কোটি আৰু দিপীকা পাডুকনে ১৭কোটি টকা মাননি হিচাপে লৈছে।

ইফালে ছবিখনত আন এটা মুখ্য চৰিত্ৰত অভিনয় কৰা ডিম্পল কাবাডিয়াই ছবিখনত অভিনয়ৰ বাবে মাননি লৈছে ২কোটি টকা। উল্লেখ কৰা প্ৰয়োজন যে, সমগ্ৰ বিশ্বত এই ছবিখনে প্ৰথম দিনা উপাৰ্জন কৰিলে ১০৬কোটি টকা আৰু দ্বিতীয় দিনা পাঠানৰ উপাৰ্জন ১২৫কোটি টকা। ইফালে এই ছবিখনে প্ৰথম সপ্তাহতে ৮০০কোটিৰো অধিক টকা ব্যৱসায় কৰাৰ সম্ভাৱনা আছে। এই ছবিখনৰ লাভাংশৰ পৰাও এক বিশেষ ধনৰাশি লাভ কৰিব শ্বাহৰুখ খানে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme