ডিজিটেল ডেস্কঃ বক্স অফিচত ছুপাৰ-ডুপাৰ হিট শ্বাহৰুখ খানৰ পাঠান। দেওবাৰৰ তুলনাত ছবিখনৰ যোৱা সোমবাৰৰ উপাৰ্জন যথেষ্ট কম যদিও বিগত ৬টা দিনত ৬০০কোটিৰো অধিক টকা উপাৰ্জন কৰিলে পাঠানে। কেৱল ভাৰতবৰ্ষতে ছবিখনে ৬টা দিনত উপাৰ্জন কৰিছে ৩০০কোটিৰো অধিক টকা। যোৱা দেওবাৰৰ দিনটোত ছবিখনে ৫৮কোটি টকা উপাৰ্জন কৰাৰ বিপৰীতে সোমবাৰে ২৫কোটি টকাহে উপাৰ্জন কৰিবলৈ সক্ষম হয়।
উল্লেখ কৰা প্ৰয়োজন যে, পাঠানে এটা পিছত আন এটা ৰেকৰ্ড ভংগ কৰি গলেও এতিয়াও বহু ছবিতকৈ পিছ পৰি আছে পাঠান। মুক্তিৰ প্ৰথমটো সোমবাৰৰ উপাৰ্জন ক্ষেত্ৰত বহুকেইখন ছবিৰ ৰেকৰ্ড ভংগ কৰিব নোৱাৰিলে পাঠানে।
মুক্তিৰ প্ৰথমটো সোমবাৰত সৰ্বাধিক উপাৰ্জন কৰা ছবিখন হৈছে বাহুবলী-২। এই ছবিখনে প্ৰথমটো সপ্তাহত উপাৰ্জন কৰিছিল ৪০.২৫কোটি টকা। ঠিক সেইদৰে টাইগাৰ জিন্দা হ্য ছবিখনে উপাৰ্জন কৰিছিল ৩৬.৫৪কোটি টকা। হাউচফুল-৪য়ে মুক্তিৰ প্ৰথমটো সপ্তাহত উপাৰ্জন কৰিছিল ৩৪.৫৬কোটি টকা। ঠিক তেনেদৰে কে জি এফ- ২য়ে মুক্তিৰ প্ৰথমটো সপ্তাহত ২৫.৫৬কোটি টকা উপাৰ্জন কৰিছিল।
গতিকে এটাৰ পিছত এটা ৰেকৰ্ড ভংগ কৰিলেও এই ছবিবোৰৰ ৰেকৰ্ড ভংগ কৰিব নোৱাৰিলে পাঠানে।