1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 9:53 am

যন্ত্ৰণাত ছটফটাই থকা ছোৱালীজনী হাঁহিবলৈ লওঁতেই নিয়তিয়ে কাঢ়ি নিলে প্ৰাণ

  • Update Time : Wednesday, November 10, 2021

ডিজিটেল ডেস্কঃ সমগ্ৰ অসমবাসীয়ে তাইৰ আশু-আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰিছিল। বহুতে তাইৰ কুশল কামনা কৰি জ্বলাইছিল চাকি। বহুতে পাৰ্যমানে তাইক সহায়ো কৰিছিল। কিন্তু সকলো বিফল হল। অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে শিৱসাগৰৰ হাঁহচৰা বোকানগৰ মৈয়ামৰা সন্দিকৈ গাঁৱৰ এগৰাকী উচ্চ শিক্ষিতা যুৱতী ৰিতুমণি হাজৰিকাই। দীৰ্ঘদিনে জটিল ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা ৰিতুমণিৰ মৃত্যুত এতিয়া সমগ্ৰ ৰাজ্যত শোকৰ ছাঁ পৰিছে।

অতি দৰিদ্ৰ পৰিয়ালৰ মেধাৱী ছাত্ৰী ৰিতুমণি চিকিৎসাৰ বাবে কাষত থিয় হৈছিল বিজেপি সাংসদ তপন কুমাৰ গগৈ। সাংসদ তপন কুমাৰ গগৈয়ে প্ৰথমবাৰৰ বাবে ডিব্ৰুগড়ৰ ব্ৰক্ষপুত্ৰ নাচিং হোমলৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰিছিল। চেন্নাইৰ এপ’ল হাস্পতালত চিকিৎসাৰ ব্যৱস্থা কৰিছিল সাংসদ গৰাকীয়ে। গগৈয়ে অহৰ্নিষে ৰিতুমণিৰ মুখত হাঁহি বিৰিঙাবলৈ চেষ্টা কৰিছিল কিন্তু সকলো চেষ্টা অথলে গল, নিষ্ঠুৰ নিয়তিয়ে কাঢ়ি নিলে ৰিতুমণিৰ প্ৰাণ।

একেবাৰে বিচনাৰ পৰা উঠিব নোৱাৰা ৰিতুমণি কিছু সুস্থ হৈ উঠিছিল। খোজো কাঢ়িছিল। যন্ত্ৰণাত চটফটাই থকা ৰিতুমণিয়ে হাঁহিবলৈও লৈছিল। কিন্তু অৱশেষত যুঁজি যুজিঁ হাৰ মানিলে ৰিতুমণিয়ে। ৰিতুমণিৰ মৃ্‌ত্যুত সাংসদ তপন কুমাৰ গগৈয়ে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকাকুল পৰিৱেশে বিৰাজ কৰিছে শিৱসাগৰ হাঁহচৰাত

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme