1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 31, 2025, 3:06 pm

স্বাধীনতা দিৱস বৰ্জন সিদ্ধান্ত উঠাই ল’বলৈ পৰেশ বৰুৱালৈ অনুৰোধ মন্ত্ৰী পীযুষ হাজৰীকাৰ…

  • Update Time : Sunday, August 13, 2023

ডিজিটেল ডেস্কঃ  স্বাধীনতা দিৱস বৰ্জন সিদ্ধান্ত উঠাই ল’বলৈ পৰেশ বৰুৱালৈ অনুৰোধ জনাই মন্ত্ৰী পীযুষ হাজৰীকাই। দেশৰ স্বাধীনতাৰ প্ৰতি সকলোৰে সন্মান আৰু শ্ৰদ্ধা আছে কোনো ব্যতিক্ৰম নোহোৱাকৈ উক্ত দিৱসত ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিব। সেই হেতু আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱালৈ স্বাধীনতা দিৱস বৰ্জন সিদ্ধান্ত উঠাই ল’বলৈ আহ্বান জনাই মন্ত্ৰীগৰাকীয়ে।

আজি বঙাইগাঁৱত এটি নিচামুক্তি কেন্দ্ৰ পৰিদৰ্শনকালত সাংবাদিকৰে হোৱা মুখামুখিত এই মন্তব্য কৰে মন্ত্ৰী পীযুষ হাজৰীকাই। শেহতীয়াকৈ ৰাজ্যৰ এগৰাকী বিজেপি নেত্ৰীৰ আত্মহত্যাৰ ঘটনাক লৈ মন্ত্ৰীগৰাকীয়ে কয় যে, নেত্ৰীগৰাকী সাংগঠনিক ক্ষেত্ৰত যথেষ্ট সক্ৰিয়এগৰাকী নেত্ৰী আছিল। তেখেতৰ মৃত্যুত দুখ প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে।

সমষ্টি পুনৰ নিৰ্ধাৰণৰ চুড়ান্ত তালিকাক লৈ মন্ত্ৰীগৰাকীয়ে কয় যে, অহাবাৰ নিৰ্বাচনত খিলঞ্জীয়া বিধায়কৰ সংখ্যা বৃদ্ধি পাব। আগন্তুক নিৰ্বাচনত প্ৰায় ১০২ জন খিলঞ্জীয়া বিধায়কৰ ভিতৰত সকলো বিজেপি মিত্ৰজোঁটৰে বিধায়ক থাকিব। সমষ্টি পুনৰ নিৰ্ধাৰণৰ চুড়ান্ত তালিকাক লৈ কংগ্ৰেছ এতিয়া ভীতিগ্ৰস্ত। কংগ্ৰেছ, ৰাইজৰ দল, অসম জাতীয় পৰিষদ আদি সকলো বিৰোধী দলৰ সংখ্যালঘুক লৈ খোলা দোকানখন ইতিমধ্যে বন্ধ হৈছে। লগতে কয়, তেওঁলোকৰ সান্দহ খোৱা বালি তল পৰিছে।

তেওঁলোকৰ খিলঞ্জীয়া প্ৰতি কোনো চিন্তা নাই। খিলঞ্জীয়াৰ বাবে চিন্তা কৰিবলৈ আমি আছোঁ। আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰসংগত মন্ত্ৰী পীযুষ হাজৰীকাই কয় যে, অসমত ১২খন আসনত বিজেপি জয়ী হ’ব। দেশত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত তৃতীয়বাৰৰ বাবে বিজেপি শাসনলৈ আহিব। উক্ত প্ৰসংগতে উল্লেখ কৰি মন্ত্ৰী হাজৰীকাই কয় যে, মোদীৰ শাসন কালতেই দেশৰ অৰ্থনীতি যথেষ্ট উন্নতি হৈছে।

বিগত বৰ্ষৰ তুলনাত জিএচটি সংগ্ৰহ ১১% শতাংশ বৃদ্ধি পাইছে। প্ৰতিবছৰত জিএচটি সংগ্ৰহ বহু পৰিমাণে বৃদ্ধি পাব ধৰিছে। দেশখন এনেদৰে প্ৰগতিৰ পথত আগবাঢ়িছে সকলো ৰাইজেই জানে। সেইবাবেই ৰাইজৰ আস্থাৰে দেশত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত তৃতীয়বাৰৰ বাবে বিজেপি শাসনলৈ আহিব।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme