ডিজিটেল ডেস্কঃ এতিয়া বিয়াৰ বতৰ। চাৰিওফালে কেৱল বিয়া আৰু বিয়া। এনে বিয়াৰ বতৰতে শেহতীয়াকৈ অসমৰ জনপ্ৰিয় কন্ঠশিল্পী আচুৰ্য বৰপাত্ৰই দীৰ্ঘদিনীয়া প্ৰেমৰ স্বীকৃতি প্ৰদান কৰি প্ৰেমিকাক পিন্ধালে আঙুঠি। ইফালে আন এগৰাকী জনপ্ৰিয় কন্ঠশিল্পীয়েও বিয়াত বহিল। তেওঁ হৈছে কেইবাটাও জনপ্ৰিয় গীত অসমবাসীক উপহাৰ দিয়া কন্ঠশিল্পী পাপৰি গগৈ।
২ ডিচেম্বৰ ২০২২ত পাপৰি গগৈৰ বিবাহ সম্পন্ন হয়। সংগীত পৰিচালক তথা প্ৰযোজক পলাশ গগৈৰ সৈতে বিয়াত বহে পাপৰি গগৈ।
দীৰ্ঘদিন ধৰি প্ৰেমত সম্পৰ্কত আছিল দুয়ো।
পাপৰি আৰু পলাশ গগৈৰ বিবাহ অনুষ্ঠানত উপস্থিত থাকে কেইবাটাও জনপ্ৰিয় কন্ঠশিল্পী।